কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ গুৱাহাটী ক্ষেত্ৰৰ উপ মহা পৰিদৰ্শকৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত ২৮ আগষ্টৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আজি সামৰণি পৰে । ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট নন্দ কিশোৰ কুমাৰ প্ৰসাদৰ মাৰ্গ দৰ্শনত আয়োজিত তিনিদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাত ফুটবল , ভলীবল, টেবল টেনিছকে ধৰি বিভিন্ন দলীয় আৰু একক খেল অনুষ্ঠিত হয়। প্ৰতিযোগিতা সমূহত বাহিনীটোৰ বহু বিষয়া – জোৱানৰ উপৰিও দাঁতি কাষৰীয়া অঞ্চলৰ বহু চেমনীয়া খেলুৱৈও উৎসাহেৰে ভাগ লয়। আজি প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত কমাণ্ডেণ্ট নন্দ কিশোৰ কুমাৰ প্ৰসাদ, ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্টদ্বয় বিৰাট কুমাৰ সিং আৰু অমিত যোশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। উল্লেখ্য যে আজি দেশজুৰি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তী অতি উলহ মালহেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan