অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0 239

অক্টোবৰ মাহৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।এই সম্পৰ্কে জানিব দি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে ৰাষ্ট্ৰীয় উদ্যানত সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি চলা হ’ব। ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহন সমূহৰ প্ৰৱেশ দ্বাৰাত চেনিটাইজ কৰা হ’ব । আনহাতে ৬৫ বছৰ ওপৰৰ আৰু ১০ বছৰ তলৰ কোনো পৰ্যটকে উদ্যানখনত প্ৰৱেশ কৰিব নোৱাৰিব।
 
 
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত জীপ আৰু হাতী ছাফাৰী সংস্থা, ৰিজৰ্ট মালিক সন্থাৰ লগতে পৰ্যটনৰ লগত জড়িত লোক সকলৰ লগত আলোচনাত মিলিত হৈ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই কথা সদৰী কৰে।

Leave A Reply

Your email address will not be published.