অগপত যোগদান কৰিলে পৰমানন্দ ৰাজবংশীয়ে

0 218

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড° পৰমানন্দ ৰাজবংশী, মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি আৰু বিশিষ্ট শিক্ষাবিদ ড০ বলেন্দ্ৰ কুমাৰ দাস, জ্যেষ্ঠ অধিবক্তা ড° ননীগোপাল গোস্বামী, অসমৰ পেডমেন খ্যাত নয়ন শইকীয়া, চাৰ্টাৰ্ড একাউণ্টেণ্ট বিবেক জালান, পশ্চিম গোৱালপাৰা সমষ্টিৰ জিলা পৰিষদৰ সদস্য পাৰ্চিয়া ৰংখ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সম্পাদিকা, উত্তৰ-পূব মহিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদিকা, সন্দিকৈ ছোৱালী কলেজৰ ফাইন আটৰ্ছ সম্পাদিকা জ্বলিমণি তালুকদাৰ, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতি সভাপতি মনোৰঞ্জন ভাগৱতী, সম্পাদক ৰূপক ৰয়, সহঃ সম্পাদক দেৱজিত ৰয়, প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন সম্পাদক ৰাহুল আহমেদকে ধৰি তিনি শতাধিক ব্যক্তিয়ে আজি আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে।
 
 
এই উদ্দেশ্যে দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত সভাপতিত্ব কৰে দলৰ সভাপতি অতুল বৰাই। যোগদানকাৰী সকলক আদৰণি জনাই বৰাই কয় যে, অসমৰ সামাজিক আৰু ৰাজনৈতিক পটভূমিত অসম গণ পৰিষদ দলে খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত সদায় দায়বদ্ধতাৰে কাম কৰি আহিছে। দলে ৰাজ্যখনত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ সমবিকাশ আৰু সমউন্নয়ণৰ জৰিয়তে ৰাজ্যখনক আগবঢ়াই নিবলৈ অঙ্গীকাৰবদ্ধ। দেশৰ ৰাজনীতিৰ লেখিয়াকৈ অসমতো অসম গণ পৰিষদ দলে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত নিৰ্দিষ্ট কৰ্মসূচীৰ আধাৰত আগবাঢ়ি যাব। সভাপতি বৰাই যোগদানকাৰীসকলক নিষ্ঠাৰে দলৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায়। যোগদান কাৰ্য্যসূচীত দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, নুৰুল হুছেইন, ভূপেন ৰায়, সত্যব্ৰত কলিতা, মনোজ শইকীয়া, বিমলেন্দু সিনহা, উপসভাপতি কুমাৰ দীপক দাস,জয়নাথ শৰ্মা আদি উপস্থিত থাকে। দলত যোগদান কৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে, আঞ্চলিকতাবাদৰ আদৰ্শৰে অসম গণ পৰিষদ দলক শক্তিশালী কৰাৰ স্বাৰ্থত এগৰাকী সৈনিক হিচাপে কাম কৰি যাব।
 
জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত দলটোক জড়িত কৰিবলৈ নিজকে আত্মনিয়োগ কৰিব বুলি উল্লেখ কৰি ৰাজবংশীয়ে কয় যে, অসমৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ বিকল্প নাই। সেয়েহে দলটোক আগবঢ়াই নিয়াৰ বাবে সকলো আগবাঢ়ি অহাটো উচিত বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.