উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট গুৱাহাটীৰ উদ্যোগত “Career Counselling Seminar in Hotel Management” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা ২৩ মে’ তাৰিখে অনুষ্ঠিত হয় । সন্ধিয়া ৬.৩০ বজাৰৰ পৰা ৮ বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই । শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালিকা তুলিকা হাজৰিকাৰ লগতে শিক্ষক শিক্ষয়ত্ৰীসকলো কৰ্মশালাত উপস্থিত থাকে । ড° বুঢ়াগোহাঁয়ে ” হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজীৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পৰ্য্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব, সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে । আগলৈও এনেধৰণৰ বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০ এই দুটা ফোন নম্বৰ অথবা ই-মেইল [email protected] ত যোগাযোগ কৰিব পাৰিব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ কতৃপৰ্ক্ষই জনাইছে ।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta