বিগত প্ৰায় দুই সপ্তাহ ধৰি মাজে সময়ে আহি থকা বৰষুণ জাকে ৰাইজক ধূলিৰ পৰা বহুখিনি সকাহ দিছে। বিশেষকৈ ধূলি গৰমৰ প্ৰকোপৰ পৰা ৰাইজে সাময়িক ভাৱে কিছু হ’লেও সকাহ লাভ কৰিছে ।বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত অহা চাৰিদিন অৰ্থাৎ ২৬ মাৰ্চ পৰ্যন্ত বেচিভাগ ঠাইতে পাতলীয়া আৰু ঠাইবিশেষে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষূণ হৈ থাকিব বুলি আগজাননী দিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অনুসৰি পূব বাংলাদেশৰ আকাশত হঠাতে সৃষ্টি হোৱা নিম্নচাপৰ বাবে বাংলাদেশৰ আকাশৰে দক্ষিণ অসম হৈ ঘূর্ণিয়মান বায়ু প্ৰৱেশ কৰিছে। । যাৰ বাবে বিগত কিছুদিন ধৰি অসমৰ বেচিভাগ ঠাইতে আকাশ মেঘছন্ন হৈ থকাৰ লগতে বৰষুণ হৈ আছে ।এই পৰিস্থিতি ২৬ মাৰ্চ পৰ্যন্ত অপৰিবৰ্তনীয় হৈ থাকিব । লগতে ঠাইবিশেষে গাজনী , ঢেৰেকনীৰ সৈতে ধুমুহা বতাহ আহিব পাৰে বুলিও কেন্দ্ৰই আশঙ্কা ব্যক্ত কৰিছে । বৰষুণ অহাৰ বাবে কৃষক ৰাইজেও বহু সকাহ লাভ কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক চাৰিটা দিনত অসমৰ মেঘালয় , অৰুণাচল প্ৰদেশ ,ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাঁজনী , ঢেৰেকনি , বজ্ৰপাতৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক ৯০ মিঃমিঃ বা ৯ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে অসমৰ বৰাক উপত্যকাৰ জিৰিবামত । তাৰ পাছত ধেমাজি, ডিফু চহৰত ৭ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। একেদৰে ৰাজ্যৰ বেছিভাগ ঠাইতে ১ ৰ পৰা ৪ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। ইফালে বৰষুণ আহি থকা বাবে অসমৰ সকলো ঠাইতে সৰ্বাধিক তাপমাত্ৰা ২ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ তললৈ নামি অহাত ৰাইজে মাৰ্চ মাহৰ তিনিটাকৈ সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো জানুৱাৰী মাহৰ দৰে শীত অনুভব কৰিবলগীয়া হৈছে। উল্লেখ্য যে বৰষুণ আহি থকা বাবে ৰাজ্যত চলি থকা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
Trending
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)