স্বেচ্ছাসেৱী সংগঠন অনুপম জীৱনৰ উদ্যোগত আজি মহানগৰীৰ নতুন ফটাশিল টাউন হাইস্কুল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়৷ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি অনুপম জীৱনয়ে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰে৷গুৱাহাটী মহানগৰ জিলা সাংবাদিক সন্থা আৰু টডলাৰ্চ হাউচ-এন এডুকেশ্বনেল ফাউণ্ডেচনৰ সহযোগত তথা নতুন ফটাশিল টাউন হাইস্কুল কৰ্তৃপক্ষৰ সৌজন্যত আয়োজন কৰা এই সজাগতা সভাত বিশিষ্ট সমাজ সেৱক, কবি-সাহিত্যিক বসন্ত কুমাৰ শৰ্মা,স্বেচ্ছাসেৱী সংগঠন জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁই,আমবাৰী ফটাশিল -১ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মা,নতুন ফটাশিল টাউন হাইস্কুলৰ শিক্ষয়িত্ৰী মৰমী শৰ্মা, মঞ্জুমালা ফুকন,গীতাঞ্জলি শৰ্মা ,সাংবাদিক ফাইজুৰ ৰহমান,ক্ৰীড়া সাংবাদিক হিলদুল গগৈ,পুৰবী ডায়েৰী কৰ্তৃপক্ষৰ হৈ মাৰ্কেটিং এক্সিকিউটিভ হোস্না বৰা, টডলাৰ্চ হাউচৰ স্বত্বাধীকাৰী দিগন্ত বৰ্মন তথা বিশিষ্ট চিত্ৰশিল্পী ৰঞ্জীৱ গগৈকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।বিদ্যালয়ৰ ছাত্ৰী শৰ্মিষ্ঠা ডেকা আৰু চুইটী ৰয়ৰ দ্বৈত সংগীতেৰে শুভাৰম্ভ হোৱা সজাগতা সভাত অংশ গ্ৰহণ বসন্ত কুমাৰ শৰ্মাই সমাজত ড্ৰাগছ সেৱনৰ ভয়াবহতা সন্দৰ্ভত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক কোৱাৰ লগতে ড্ৰাগছে কি দৰে ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমান সময়ত বিপঠে পৰিচালিত কৰিছে সেই বিষয়ে দু-আষাৰ কয়। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৰমী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালনৰ তাৎপৰ্য সম্পৰ্কে কোৱাৰ লগতে ড্ৰাগছ সেৱনৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনায়।সমল কেন্দ্ৰৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মাইও সভাত ড্ৰাগছৰ অপকাৰিতা সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দু-আষাৰ কয়। আনহাতে পুৰবী ডায়েৰী কৰ্তৃপক্ষৰ হৈ হোস্না বৰাই ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ অপকাৰিতা সন্দৰ্ভত কিছু আভাস দিয়ে। তেওঁ লগতে ড্ৰাগছৰ পৰিৱৰ্তে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে। উল্লেখ কৰিব পাৰি যে আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে অনুপম জীৱনয়ে এখন চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে।প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নতুন ফটাশিল টাউন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পুৰবী দাস কলিতাই।নিজৰ ভাষণত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছ, গুটখা আদি মাদক দ্ৰব্যসমূহ এৰাই চলি সমাজত এজন ভাল মানুহ হৈ জীৱন জীয়াবলৈ উপদেশ দিয়ে। স্মন্তব্য যে দুটা শাখাত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাখনৰ ‘ক’ শাখাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বুলি দেৱনাথ, পুনম দাস আৰু ভাস্কৰজ্যোতি দাসে। নিচুকনি বঁটা লাভ কৰে সুহানা ৰহমানে।আনহাতে ‘খ’ শাখাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অজয় কুমাৰ দাস, চিৰঞ্জীত সৰকাৰ আৰু সম্ৰাট দাসে।আজিৰ কাৰ্যসূচীত অনুপম জীৱনে প্ৰকাশ কৰা অনুপম জীৱন নামেৰে এখনি স্মৰণিকাও উন্মোচন কৰা হয়। আজিৰ ড্ৰাগছ বিৰোধী সভাখন পৰিচালনা কৰে সাংবাদিক সত্যজিৎ শইকীয়াই।তেওঁক সহযোগ কৰে অনুপম জীৱন’ৰ সভাপতি উদয়জিৎ বুঢ়াগোহাঞি আৰু সম্পাদক মনোৰঞ্জন ফুকনে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem