অপহৃত অ’এনজিচিৰ কৰ্মচাৰীক মুক্তিৰ আহ্বান অসম সত্ৰ মহাসভা আৰু মানৱ অধিকাৰকৰ্মীৰ

0 188

যোৱা ২১ এপ্ৰিলত অপহৰণ হৈছিল অ’এন জি চিত কৰ্মৰত ৩ গৰাকী কৰ্মচাৰী।এই তিনিগৰাকী কৰ্মচাৰীৰ দুগৰাকীক ইতিমধ্যে অসম ৰাইফলছে সেনাৰ সহযোগত নগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰিছে।এই সম্পৰ্কত অসম সত্ৰ মহাসভাই এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাই কয় অ এন জি চি দুই কৰ্মচাৰীক অসম ৰাইফলছে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বাবে শলাগ লৈছো আৰু বাকী কৰ্মচাৰী জনকো সোনকালে উদ্ধাৰ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম সত্ৰ মহাসভাই আহ্বান জনাইছে।লগতে প্ৰশ্ন কৰে সদায় থলুৱা হকে মাত মাতি অহা অথবা চিন্তা কৰা বুলি দাবী কৰি অহা সংগঠন এটাই কিয় অসমীয়া থলুৱা লোকক এনেদৰে অপহৰণ কৰিলে ?
আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰীয় মানৱতা তথা শান্তিৰ বঁটা প্ৰাপক মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াই কয় যে অনাকাংক্ষিত ভাৱে অসমৰ তিনিজন বিষয়াক অপহৰণ কৰি বিশ্ববাসীক স্বাৰ্থপৰ স্বৰূপ উগ্ৰপন্থী সংগঠনটোৱে উদঙাই দিলে।সততে বিপ্লৱৰ কথা কোৱা এই সংগঠনটোৰ সম্পৰ্কত ড° শইকীয়াই কয় যে তেওঁলোকে যদি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কিবা কৰিব লগীয়া আছে তেতিয়াহলে কেন্দ্ৰীয় চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰক। এনেবোৰ কাৰ্যকলাপৰ বাবে উঠি অহা প্ৰজন্মই কি সাহসত অ’এনজিচিত চাকৰি কৰিবলৈ সাহস কৰিব!ড° শইকীয়াই লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা পৰিবেশ সৃষ্টি কৰক অপহৃত ৰিতুল শইকীয়াক মানৱীয় দৃষ্টিৰে মুক্তিৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.