অষ্টম অসম কৃষি-উদ্যান শস্য মেলাৰ সামৰণি

0 131

অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত যোৱা ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰ ২০২৩ তাৰিখলৈ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অষ্টম অসম আন্তৰ্জাতিক কৃষি- উদ্যান শস্য মেলা-২০২৩ খনৰ আজি সফল সামৰণি পৰে।অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কৃষি মন্ত্ৰী অতুল বৰা,বিত্ত মন্ত্ৰী অজন্তা নেওগ, ৰাজহ মন্ত্ৰী যোগেন মহনকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা আজিৰ এই সামৰণি অনুষ্ঠানৰ পাছত মেলাৰ পৰা শেহতীয়া কৃষি প্ৰযুক্তি,কৃষি ,ৰপ্তানি, বহনশীল কৃষি পদ্ধতিৰ দৰে বিভিন্ন দিশেৰে সমৃদ্ধ হৈ মেলাৰ পৰা বিদায় মাগিলে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা কৃষক, কৃষি-উদ্যোগীয়ে।সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
অৰ্থনৈতিক প্ৰতিযোগিতাৰ ধামখুমিয়াত পৰি আমাৰ বহুতো কৃষকে পৰম্পৰাগতভাৱে কৰি অহা ফলমূলৰ গছকে ধৰি বিভিন্ন উদ্যান শস্য ধ্বংস কৰি অৰ্থকৰী শস্যৰ খেতিৰ প্ৰতি ঢাপলি মেলাৰ ফলত সংকটৰ সন্মুখীন হৈছে আমাৰ জৈৱ বৈচিত্ৰ, আমাৰ ধৰিত্ৰী, বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত – এই মন্তব্য অধ্যক্ষ দৈমাৰীৰ। প্ৰাকৃতিকভাৱেই উৰ্বৰ অসমৰ কৃষিভূমিত আজি অধিক মাত্ৰাত প্ৰয়োগ কৰা ৰাসায়নিক সাৰে মাটিৰ ধাৰণশীলতা নষ্ট কৰাৰ পাছত আজি আমি পুনৰ উভটি যাবলগীয়া হৈছো কেঁচুসাৰৰ ব্যৱহাৰৰ দৰে প্ৰাকৃতিক পদ্ধতিলৈ। ৰাজ্যখনৰ কৃষি বিজ্ঞানীসকলক উদ্দেশ্যি অধ্যক্ষ দৈমাৰীয়ে কয় – আপোনালোকে এনে প্ৰযুক্তিৰ উদ্ভাৱন কৰক যি প্ৰযুক্তিয়ে আমাৰ পৰম্পৰাগত পদ্ধতিক অধিক শক্তিশালী কৰি কৃষকক লাভান্বিত কৰে – যি পদ্ধতিয়ে মাটি, পানী, জলবায়ুক সুৰক্ষিত কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰে।এইক্ষেত্ৰত আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাই পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰা বুলিও তেওঁ কয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ২০১৩ চনত ৰাষ্ট্ৰীয় পৰ্যায়েৰে আৰম্ভ হোৱা এই অসম আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাই বিগত সময়চোৱাত ৰাষ্ট্ৰীয় সীমা অতিক্ৰমী আন্ত:ৰাষ্ট্ৰীয় ৰূপ পৰিগ্ৰহ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে আগবাঢ়ি আজি অসমত কৃষি আৰু ইয়াৰ সহযোগীখণ্ডসমূহত নৱজাগৰণৰ সূচনা হোৱা বুলিও তেওঁ উল্লেখ কৰে। এই আন্ত:ৰাষ্ট্ৰীয় মেলাখনৰ ফলতেই আজি অসমৰ বৈশিষ্ট্যপূৰ্ণ ফলমূল, শাক-পাচলি, মছলাজাতীয় শস্য, নেমু টেঙা, জহা চাউল, বোকা চাউল আদিয়ে বিশ্ববজাৰত ভূমুকি মাৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়। চাৰ্বিয়া, মংগোলিয়া, ইৰাণ আৰু চিচিলিজৰ ভাৰতস্থ ৰাষ্ট্ৰদূত, মালেচিয়া আৰু বাংলাদেশৰ উচ্চায়ুক্ত, থাইলেণ্ড, ইণ্ডোনেছিয়া, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া আৰু ইৰাণৰ কনচুলাৰসকলৰ দৰে কূটনীতিবিদ আৰু উচ্চপৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বিভিন্ন সন্মিলনসমূহে অসমৰ বাণিজ্যিক কৃষিক আন্তৰ্জাতিক মঞ্চলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক সুনিৰ্দিষ্ট যাত্ৰাপথৰ নিৰ্দেশনা প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে। আন্তৰ্জাতিক মেলাখনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ক্ৰেতা-বিক্ৰেতাৰ সন্মিলনখনেও অসমৰ কৃষক আৰু কৃষি-উদ্যোগীক দেশ-বিদেশৰ কৃষি ৰপ্তানিৰ সৈতে জৰিত সংস্থাসমূহৰ সৈতে পৰিচিত কৰাই এনে সংস্থাসমূহৰ প্ৰয়োজনীয়তা সমূহৰ সন্ধান দিয়াত সফল হোৱা বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে। ‘সংখ্যাৰ দিশেৰে এই আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাত কিমান দৰ্শকৰ ভিৰ হ’ল সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা এই মেলাসমূহত অনুষ্ঠিত কাৰিকৰী সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সন্মিলনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ অসমক নিৰ্দিষ্ট লক্ষ্য পূৰণৰ লক্ষ্যত কিমান আগবঢ়াই নিলে সেয়াহে গুৰুত্বপূৰ্ণ’ বুলি মন্ত্ৰী বৰাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কৃষি মন্ত্ৰী বৰাই তেওঁৰ ভাষণত ৰাজ্যখনৰ কৃষি ৰপ্তানিৰ সৈতে প্ৰত্যক্ষভাৱে জৰিত কেন্দ্ৰীয় চৰকাৰৰ এপেডা নামৰ সংস্থাটোৰ লগতে ভাৰতীয় মছলা বোৰ্ড, নাবাৰ্ড, অসম কৃষি বিশ্ববিদ্যালয়, নেৰামেক আদিৰ দৰে প্ৰতিষ্ঠানসমূহৰ শলাগ লয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ অৰ্থনীতিত কৃষিখণ্ডই যোগাব পৰা বৰঙণিৰ বিষয়ে উল্লেখ কৰি অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক কৃষিখণ্ডৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অকল কৃষিখণ্ডইহে ৰাজ্যখনক উজ্জীৱিত কৰি তুলিব পাৰে বুলিও মন্ত্ৰী নেওগে মন্তব্য কৰে। অসম কৃষি বিশ্ববিদ্যালয়ক উদ্দেশ্যি বিত্ত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ গৱেষণালব্ধ ফলসমূহ বিশ্ববিদ্যালয় চৈহদৰ পৰা উলিয়াই নি কৃষকৰ পথাৰত সাৰ্থকভাৱে প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ৰাজ্যৰ কৃষিখণ্ডলৈ অনবদ্য বৰঙণি যোগোৱা লখিমপুৰ জিলাৰ কৃষক শুভ সোণোৱাল আৰু নলবাৰী জিলাৰ বকুল ডেকা,উদ্যান শস্যখণ্ডত যোৰহাট জিলাৰ ৰেখামণি গগৈ আৰু কামৰূপ জিলাৰ মন্নত আলি, খাদ্য সংসাধন খণ্ডত মৰিগাঁঅও জিলাৰ ববী বৰা আৰু নলবাৰী জিলাৰ প্ৰণিতা কলিতা ডেকা, পশুপালনখণ্ডত নলবাৰী জিলাৰ বিশ্বজ্যোতি কাকতি আৰু লখিমপুৰ জিলাৰ বিউটি শইকীয়া, মীন খণ্ডত নিত্যানন্দ বৰ্মন আৰু মৰিগাঁও জিলাৰ সোণপাহি দেউৰীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ইতিমধ্যে সন্মানিত হোৱা ১১গৰাকী কৃষি-উদ্যোগীক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাৰ বিভিন্ন শিতানত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা জিলা তথা সংস্থাসমূহকো বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মহন, অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ক্ৰমে মনোজ বৰুৱা আৰু জয়ন্ত ডেকা, নাবাৰ্ডৰ মুখ্য মহাপ্ৰৱন্ধক নৱীন ধিংৰা, কৃষি সঞ্চালক ভাস্কৰ পেগু, কৃষি সচিব সুব্ৰত ৰয় বৰ্দ্ধন, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টি এছ ভূচাল, কৃষি সচিব দীপশিখা দে, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমূখ্যে বিভিন্ন বিষয়া আৰু পাঁচ শতাধিক কৃষকে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.