অষ্টম বৰ্ষত ভৰি দিলে এন ই ফ’কাচ ডট কমে-সম্পাদকৰ মনৰ কথাৰে

0 256

কথাতে কয় আশাবিহীন জীৱন তেল নোহোৱা চাকিৰ দৰে। আশা, প্ৰত্যাশাৰ মাজেৰে এটা সপোনে যেতিয়া প্ৰাণ পাই উঠে,সেই সপোনৰ বাস্তৱ যিমানেই কঠিন নহওক কিয় তাত মধুৰতা লুকাই থাকে।

আজিৰ পৰা ৭ বছৰৰ আগতে ২০১৬ চনৰ আজিৰ দিনটোতে জন্ম লাভ কৰিছিল এন ই ফ’কাচ ডট কমে।উদ্দেশ্য এটাই আছিল অসম তথা উত্তৰ-পূবৰ ইতিবাচক খবৰ জনসাধাৰণৰ মাজত দাঙি ধৰি সমাজত সুস্থ জনমত গ্ৰহণ কৰা।

যি সময়ত অসমৰ ডিজিটেল মাধ্যমৰ কোনো ধাৰা নাছিল,সেই সময়ৰ পৰা এন ই ফ’কাচে খবৰ দিয়াৰ‌ প্ৰয়াস কৰিছিল।এন ই ফ’কাচৰ এই যাত্ৰাত বহুকেইগৰাকী শুভাকাংক্ষী জৰিত হৈ আছে।সময়ে সময়ে খবৰ যোগান ধৰি যি সাংবাদিকে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে।সেইসকল সাংবাদিক তথা শুভাকাংক্ষীক এই শুভ ক্ষণত অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।

২০২৩ বৰ্ষত এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড লাভ কৰিলে অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা ৪ জনকৈ ব্যক্তিয়ে।আনহাতে এন ই ফ’কাচৰ বঁটা লাভ কৰিলে ১১জন ব্যক্তিয়ে।

স্বাধীন কামী চেতনাৰ মাজতেহে স্বাধীনতা প্ৰিয় হৈ উঠে।এন ই ফ’কাচ ডট কম আৰম্ভ কৰা ইও এটা বিশেষ দিশ।প্ৰিয় পাঠক,আজি আৰু বিশেষ নিলিখো।এন ই ফ’কাচৰ আজি এই ওপজা দিনত আপোনালোকৰ পৰা আৰ্শীবাদ,সহযোগিতা বিচাৰিছো,যাতে অনাগত দিনত সবলভাবে আগুৱাই যাব পাৰো।

ধন্যবাদেৰে
সংগীতা শইকীয়া
সম্পাদক

Leave A Reply

Your email address will not be published.