উত্তৰ প্ৰদেশৰ গাজিয়াবাদত যোৱা ১৬আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় ৰাষ্টীয় টাইকোৱাণ্ড কাপ ২০২১ ত মহানগৰীৰ ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ সাত জন টাইকোৱাণ্ড খেলুৱৈয়ে অংশগ্ৰহণ কৰি বিজয়ী হৈ ধাৰাপুৰৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হয় । উল্লেখ্য যে ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ ৰিংকু কৰোৱাই সোণৰ মেডেল,বিকাশ কলিতা, হিৰকজ্যোতি দাসে ৰূপৰ মেডেল, পৰশমণি কলিতাই ৰূপৰ মেডেল, গৌতম দাসে ৰূপৰ মেডেল, প্ৰিয়ম কলিতাই ব্ৰঞ্জৰ মেডেল আৰু গোকুল দাসে ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় । এই সকল খেলুৱৈ সুনাম অৰ্জন কৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা উভতি অহাৰ পিছত ধাৰাপুৰত স্কুল খেল পথাৰত আজি ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস, মুকুট বৈশ্য আৰু ধাৰাপুৰ মৌজাই বিপুল আদৰণী জনায়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন