অসম আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাৰ সফলতা।শাখাই চাইবাৰ প্ৰৱঞ্চকলৈ যোৱা মুঠ ৫০ লাখ টকা সুৰক্ষিত কৰি পুনৰ ঘূৰাই আনিবলৈ সক্ষম হয়।এমাহৰ পূৰ্বে আৰম্ভ কৰা বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ইয়াৰ ব্যৱস্থাপনা প্ৰণালীয়ে এনে ধৰণৰ ঘটনা হ্ৰাস হোৱাত বিশেষ ভূমিকা পালন কৰে।যিয়ে চাইবাৰ প্ৰৱঞ্চনাৰ হাতলৈ ধন যোৱাত বাধা প্ৰদান কৰিছে।এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে আন কোনো ৰাজ্যত এনে অবিৰত সেৱা প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই।এই সুবিধা প্ৰণালীটো উন্নত কৰিবলৈ আৰু ইয়াৰ অভেদ্য হিচাপে গঢ়ি তুলিবলৈ বছৰৰ ৩৬৫ দিনেই ২৪×৭ প্ৰচেষ্টা অব্যাহত আছে।টুইটাৰ যোগে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কয় ৫০,০০,০০০ টকা।মাত্ৰ এমাহ পূৰ্বে বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ব্যৱস্থাপনা প্ৰণালী আৰম্ভ কৰা হৈছিল।আৰু ইতিমধ্যে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছোঁ।যিটো কাৰ্যৰ দ্বাৰা চাই বাৰ প্ৰৱঞ্চনাৰ হাতলৈ ধন যোৱাটো বন্ধ হ’ব।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা