অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন

0 42

মামণি ৰয়ছম গোস্বামীয়ে নিজ সৃষ্টিশীল কৰ্মৰাজিৰ জৰিয়তে আমাৰ জাতি আৰু ভাষাক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছিল- শি বিশিষ্ট সাহিত্যিক, সুলেখিকা তথা জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ ওপজা দিনটো শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ উদ্দেশ্য অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ সহযোগত গুৱাহাটিস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে প্ৰয়াত সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি উল্লেখ কৰে যে মামণি ৰয়ছম গোস্বামী ডাঙৰীয়ানীৰ সৃষ্টিশীল লিখনীসমূহে পাঠক সমাজক জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে সাহিত্যিকগৰাকীৰ দ্বাৰা ৰচিত আধালেখা দস্তাবেজৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে নিজেও এই কিতাপখনৰ দ্বাৰা বহুলাংশে অনুপ্ৰাণিত হৈছিল বুলি জানিবলৈ দি কয় যে সুখ-দুখ, ঘাত-প্ৰতিঘাতৰ মিশ্ৰণেৰে আমাৰ জীৱন গঠিত। সেয়েহে নতুন প্ৰজন্মক তেওঁ এই কথাষাৰ উপলব্ধি কৰি সংগ্ৰাম আৰু সাধনাৰে অৰ্থপূৰ্ণ জীৱন অতিবাহিত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত সাহিত্য এক সাধাৰণ সাহিত্য নহয়, এয়া ইতিহাস আৰু সমকালীন সামাজিক ব্যৱস্থাৰ এক স্পষ্ট প্ৰতিফলন। মন্ত্ৰীগৰাকীয়ে নৱপ্ৰজন্মক কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায় আৰু কয় যে কিতাপ পঢ়াৰ এক সুকীয়া মাদকতা আছে আৰু যাৰ জৰিয়তে আমি জীৱন আনন্দৰে উপভোগ কৰিব পাৰো। উক্ত অনুষ্ঠানত সাহিত্যিকগৰাকীৰ ভগ্নী শ্ৰীমতী সবিতা গোস্বামী মামণি ৰয়ছম গোস্বামীৰ জন্ম দিৱসটি এই ধৰণে উদযাপন কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি সাহিত্যকগৰাকীৰ লগত তেওঁৰ নিবিড় সম্পৰ্কৰ স্মৃতিচাৰণ কৰে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহকাৰ অধ্যাপক জিন্তু ঠাকুৰীয়া, পুথিভঁৰাল সেৱাৰ সঞ্চালক অনুৰাগ ফুকন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস লগতে মামণি ৰয়ছম গোস্বামীৰ পৰিয়ালৰ আন এগৰাকী সদস্যা মৃণ্ময়ী গোস্বামীও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.