অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক।

0 200

দেওবাৰে অসম-মেঘালয়ৰ সীমা-সমস্যা সন্দৰ্ভত জনতা ভৱনত অনুষ্ঠিত হয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।বৈঠক খনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে ১২ টা বিবাদমান অঞ্চলৰ ৬ টা সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছিলো।সেই ৬ টা অঞ্চলৰ বাবে বৰ্তমান কাম চলি আছে। দুয়োখন চৰকাৰ বুজাবুজিৰ মাজেৰে আগবাঢ়িছে।মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই বিবাদিত এলেকা সমূহ মেঘালয়ৰ ৩ খন জিলাত অৱস্থিত। ইয়াৰ বাবে এখন আঞ্চলিক সমিতি গঠন কৰা হ’ব বুলি কয় শৰ্মাই।লগতে কয় যে অহা ১৫ দিনৰ ভিতৰত এখন আঞ্চলিক সমিতি গঠন কৰা হ’ব। এই সমিতিখনে বিতৰ্কিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব, স্থানীয় লোকসকলৰ সৈতে কথা পাতিব আৰু উপযুক্ত সমাধান বিচাৰি উলিওৱাত সহায় কৰিব।

আনহাতে এই ক্ষেত্ৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে এই বিবাদিত এলেকা সমূহৰ সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত আছে। এই প্ৰক্ৰিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত আগবাঢ়ি আছে।বৈঠকত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা মন্ত্ৰী অতুল বৰা, পিযুষ হাজৰিকাৰ লগতে একাংশ ব্যক্তি।

Leave A Reply

Your email address will not be published.