পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত পূব ধাৰাপুৰৰ জঙ্গৰাবৰী চুবুৰীৰ ১ নং অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে ধাৰাপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰুল দাস কলিতা, উপ সভানেত্ৰী মৌচুমী দাস, ২ নং ৱাৰ্ডৰ সদস্য আমান আলী, ৫ নং ৱাৰ্ডৰ সদস্য বনজিত কলিতা, অংগনাৱাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণৰাম দাস, সহকাৰি অভিযন্তা মানৱ পাটোৱাৰী, পঞ্চায়তৰ কৰ্মচাৰী স্বপন দাস, ভূপেন কলিতা, জঙ্গৰাবৰী শ্যামৰায় গোঁসাইঘৰ সমিতিৰ কাৰ্যকৰী সভাপতি কনক চন্দ্ৰ দাস, প্ৰদীপ শৰ্মা , প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী গীতাৰাণী দাস, যুৱ সমাজকৰ্মী প্ৰণৱ দাস অংগনাৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা , কণ কণ ছাত্ৰ – ছাত্ৰী সকলৰ লগতে অভিভাৱক অভিভাবিকা সকল উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan