অহা ১১ মে’ৰ পৰা আমেৰিকাৰ চিকাগো’ আৰু নিউয়র্ক বিশ্ববিদ্যালয়ত আলোচনাচক্ৰ আৰু মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰিব সাংসদ গৌৰৱ গগৈয়ে।

0 155

কলিয়াবৰ লোকসভাৰ সাংসদ তথা লোকসভাৰ কংগ্রেছ সংসদীয় দলৰ উপ-দলপতি গৌৰৱ গগৈ অহা ১১ মে’ পৰা ১৯ মে’ ২০২৩ তাৰিখলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ প্ৰখ্যাত চিকাগো’ বিশ্ববিদ্যালয়ত এক গুৰুত্বপূর্ণ কাৰ্য্যসূচীত অংশগ্রহণ কৰিব। তেখেতৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ সকলৰ এটা প্ৰতিনিধি দলো এই কাৰ্য্যসূচীত অংশগ্রহণ কৰিবলৈ ৰাওনা হ’ব।

এই যাত্ৰাৰ মূল উদ্দেশ্যই হৈছে চিকাগো বিশ্ববিদ্যালয়ৰ অভিজ্ঞ তথা বিশেষজ্ঞ সকলৰ সৈতে অৰ্থনীতি,প্ৰযুক্তিবিদ্যা,স্বাস্থ্যখণ্ড, জলবায়ু পৰিৱর্তন আৰু বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ সম্পর্কত এলানি আলোচনাচক্রত অংশগ্রহণ কৰা।চিকাগো’ বিশ্ববিদ্যালয়ৰ উক্ত কাৰ্য্যসূচীত অংশগ্রহণ কৰাৰ পাছত সাংসদ গগৈয়ে নিউয়র্ক চহৰত অৱস্থিত নিউয়র্ক বিশ্ববিদ্যালয়ৰ শিক্ষক, বিশেষজ্ঞ আৰু ছাত্র-ছাত্রী সকলৰ লগতো এক মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে সাংসদ গৌৰৱ গগৈয়ে‌‌ এই নিউয়র্ক বিশ্ববিদ্যালয়ৰ পৰাই ২০১০ বৰ্ষত ৰাজহুৱা প্ৰশাসন ( Public Administration) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.