অৰণ্য মানৱৰ আহ্বান মৰ্মে কাৰ্তিক চাপৰিত আউটপোষ্ট স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

0 253

যোৱাকালি নিশা যোৰহাট আবৰ্ত ভৱনত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি পৰ্যালোচনা কৰে। জিলা উপযুক্তকে ধৰি জিলা পৰ্য্যায়ৰ বিভিন্ন শীৰ্ষ বিষয়ৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে জিলাখনত ৰূপায়িত হৈ থকা আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।
 
বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনা ,এম জি এনৰেগা আঁচনিৰ বুজ লৈ এই আঁচনিসমূহৰ কাম সময় নিৰ্ধাৰিত ভাৱে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়সকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আত্মনির্ভৰ ভাৰত অভিযানৰ আদৰ্শৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা আত্মনির্ভৰ অসম অভিযানক গতিশীলতা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে লকডাউনৰ সময়ত আৰু পৰৱৰ্তী পৰ্যায়ত অসমে আত্মনির্ভশীলতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।
 
অসমৰ সামগ্ৰীয়ে দেশ তথা আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈও সমৰ্থ হৈছে।ৰাজ্যৰ নতুন প্ৰজন্মই যাতে স্বাৱলম্বীতা আদৰ্শৰে আগুৱাই যাব পাৰে তাৰ বাবে চৰকাৰী আঁচনিসমূহ তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীয়ে কৃষি ,পশুপালন, মীন বিভাগে ৰূপায়ন কৰি থকা আঁচনিসমূহৰ বিষয়ে সবিশেষ জানিবলৈ বিচাৰে। সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে আত্মনির্ভৰ অসমৰ অধীনত জিলাখন ৰূপায়িত হৈ থকা আঁচনি সমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে তৃণমূল পৰ্য্যায়ত আন্তঃগাঁঠনি শক্তিশালী কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ন কৰি থকা আঁচনিসমূহৰ বিষয়ে বুজ লয় । প্ৰতিখন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিক লগত লৈ কাম কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত জনসাধাৰণক সম্পূৰ্ণ আস্থাত লবলৈও তেওঁ কয়। গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে পঞ্চায়তৰ আঁচনিসমূহৰ সফল ৰূপায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে পঞ্চদশ বিত্ত আয়োগৰ পুঁজি যাতে পঞ্চায়ত পৰ্য্যায়ত সুচাৰুৰুপে ৰূপায়িত হয়, তাৰ বাবে পঞ্চায়তৰ প্ৰতিনিধি সকলৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে।
অৰণ্য মানৱ যাদৱ পায়েং আৰু স্থানীয় অঞ্চলবাসীৰ অনুৰোধ মৰ্মে কাৰ্তিক চাপৰিত এটা আউটপোষ্ট স্থাপন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্তিক চাপৰিলৈ যাতায়তৰ ব্যৱস্থা সুচল কৰা বাবে ৰাজ্য চৰকাৰে ফেৰী সেৱা আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.