গুৱাহাটীৰ আজাৰাস্থিত ফাৰ্মাছী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান চৌহদত প্ৰতিষ্ঠান খনৰ সমূহ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত কালি সম্পূৰ্ণৰূপে ক`ভিড প্ৰটকলৰ মাজেৰে বিশ্ব ফাৰ্মাছী দিৱস উদযাপন কৰা হয়। গোটেই বিশ্বজুৰি পালন কৰা ফাৰ্মাছী দিৱসৰ এইবাৰৰ বিষয়বস্তু আছিল” ফাৰ্মাছী: ট্ৰাছটেড ফ্’ৰ য়অৰ হেল্থ”। শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাস ডাঙৰীয়াৰ পতাকা উত্তোলনৰ দ্বাৰা শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত সকলোকে উদ্দেশ্য আদৰণি সম্ভাষণ আগবঢ়োৱাৰ লগতে বৰ্তমানৰ পৰিস্থিতিত ফাৰ্মাছিষ্ট সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় প্ৰতিষ্ঠান খনিৰ অধ্যক্ষ ড০ গৌৰাং দাসে। অনুষ্ঠানটিত মুখ্য উতিথিৰূপে উপস্থিত থাকি ফাৰ্মাছী দিৱসৰ তাৎপৰ্য আৰু এইবাৰৰ বিষয়বস্তুৰ ওপৰত এক মনোগ্ৰাহী ভাষণ আগবঢ়ায় অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ শিক্ষা-পঞ্জীয়ক ড০ বি.আৰ. ফুকনে। ইয়াৰ উপৰিও বিশ্ব ফাৰ্মাছী দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠান খনিৰ “জিপছ লেট” শীৰ্ষক এখনি বাতৰি- পট্ৰিকাও উন্মোচন কৰা হয়। অনুষ্ঠানটিৰ শেষত প্ৰতিষ্ঠান খনিৰ জেষ্ঠ অধ্যাপিকা ড০ স্মৃতি ৰেখা চন্দ দাসে উপস্থিত সকলোকে প্ৰতিষ্ঠান খনৰ হৈ শলাগৰ শৰাই আগবঢ়ায়। উল্লেখযোগ্য যে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠান খনিৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সমূহৰ দ্বাৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls