ৰাজ্যৰ ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেট আজি বিত্তমন্ত্ৰীয়ে দাখিল কৰে।৭০হাজাৰ কোটি টকাৰ ব্যয়ে এইবাৰ বাজেটত নিৰ্দ্ধাৰণ কৰা হৈছে । বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট দাখিলৰ প্ৰাক মূহুত্বত কয় যে এইবাৰ বাজেট দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ বাবে সহায়ক হ’ব।এইবাৰৰ বাজেটত স্থান লাভ কৰা কেইটামান উল্লেখযোগ্য দিশ সংক্ষেপে দাঙি ধৰা হ’ল।বাৰ্ষিক ৫ লাখতকৈ কম আয় লাভ কৰা ব্যক্তিয়ে বিবাহৰ বাবে ১তোলাকৈ সোণ লাভ কৰিব।দ্বিতীয়তে,দৰিদ্ৰ সীমা ৰেখাত বাস কৰা সকলে পূৰ্বে লাভ কৰা৩ টকা চাউলৰ পৰিবৰ্তে ১টকা মূল্যত চাউল লাভ কৰিব।তৃতীয়তে, আই চি ইউত থকা দুৰ্ঘটনাগ্ৰস্ত যিকোনো ৰোগীয়ে অটল অমৃত যোজনাৰ অধীনত ২লাখ পৰ্য্যন্ত সাহাৰ্য্য লাভ কৰিব ।চতুৰ্থতে ,উচ্চ মাধ্যমিকত শীৰ্ষ স্থান লাভ কৰা সকলক ই বাইক প্ৰদান কৰা হ’ব ।পঞ্চমতে, ৪৫বছৰ তলৰ বিধৱা মহিলা সকলে ২৫হাজাৰ টকা সাহাৰ্য্য লাভ কৰিব ।ষষ্ঠতে নকৈ ১০০০ খন দলঙক পকীদলংলৈ ৰুপান্তৰকৰণ কৰা হ’ব।সপ্তমতে,সংখ্যালঘু সম্প্ৰদায়ৰ কন্যাসকলক উচ্চ শিক্ষাৰ বাবে সহায় কৰিব।অষ্টমতে,চাহ জনজাতিৰ নিবনুৱাৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ উপৰিও চাহ বাগিচাৰ বিদ্যালয়বোৰত দুপৰীয়া আহাৰৰ উপৰিও পুৱা আৰু গধূলি আহাৰ যোগানৰ ব্যৱস্থা কৰা হ’ব।নৱমতে, মটক ৰজা সৰ্বানন্দ সিংহৰ যাদুঘৰ স্থাপনকে আদি কৰি বহুকেইজন বীৰ, যোদ্ধাৰ নামেৰে ক্ষেত্ৰ নামাংকিত কৰিব।দশমতে, মাজুলীত আদৰ্শ হস্ততাঁত গাও প্ৰতিষ্ঠা হ’ব।কলেজ হোষ্টেলৰ আৱাসীয়ে বাৰ্ষিক ৭০০টকাকৈ চৰকাৰৰ ফালৰ পৰা সাহাৰ্য্য লাভ কৰিব ।এয়া আছিল সোণোৱাল চৰকাৰৰ এইবৰ্ষৰ বিত্তীয় বাজেট।এই বাজেট সময়ত কিদৰে কাৰ্য্যকৰী হয় সেয়া জনসাাধাৰণৰ বাবে লক্ষ্যণীয় হৈ ৰ’ব।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন