প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ৰাজ্যসভা নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল কৰে৷ অসম বিধানসভাৰ সচিব ৰাজ্যসভা নির্বাচনৰ ৰিটানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ লগতে বিজেপি মিত্রজোঁটৰ নেতৃবৃন্দ উপস্থিত থাকে৷উল্লেখ্য যে অহা ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত বিজেপিয়ে সোণোৱালক প্রার্থিত্ব দিছে৷ বিৰোধী দল কংগ্রেছে এখন আসনৰ বাবে হ’বলগীয়া এই নির্বাচনত তেওঁলোক জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই আৰু প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ ফলত সোণোৱাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাটো নিশ্চিত হৈছে৷
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী