চলিত বৰ্ষৰ আজি দ্বিতীয়টো চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী মাহত হৈছিল। ভাৰতীয় সময় মতে নিশা ১১বাজি ১৫বজাত আজি এই চন্দ্ৰগ্ৰহণৰ আৰম্ভ হ’ব আৰু এই চন্দ্ৰগ্ৰহণ নিশা ২বাজি ৩৪বজালৈকে চলিব। যদিও ১১বাজি ১৫বজাত চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব যদিও এই প্ৰভাৱ অধিক স্পষ্ট হৈ পৰিব নিশা ১২বাজি ৫৪ বজাত। আজিৰ এই চন্দ্ৰগ্ৰহণ মানুহে খালী চকুৰে চাব পাৰিব। সমগ্ৰ ভাৰতৰ সমান্তৰালকৈ ৰাছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাতো আজিৰ এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব। চলিত বৰ্ষৰ পুনৰ জুলাই আৰু নবেম্বৰ মাহত চন্দ্ৰগ্ৰহণ হ’ব। এইবাৰৰ চন্দ্ৰগ্ৰহণ উপচ্ছায়া গ্ৰহণ হ’ব। ইয়াৰ ফলত গ্ৰহণৰ সময়ত কেৱল চন্দ্ৰৰ ৰং অকণমান পাতলীয়া হৈ পৰিব। যিহেতু এইবাৰৰ চন্দ্ৰগ্ৰহণ উপচ্ছায়া গ্ৰহণ হ’ব সেয়েহে ইয়াৰ ফলত গ্ৰহণৰ সময়ত চন্দ্ৰৰ ওপৰত বেছি অন্ধকাৰ নামি নাহে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta