আদৰ্শ গাঁওত পৰিণত হ’ব চলাপথাৰ শ্যাম গাঁও- অসম চৰকাৰে গ্ৰহণ কৰিছে অভিলাসী আঁচনি

0 275

বিভিন্ন দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁওখন আদৰ্শ গাঁৱত পৰিণত হ’ব। এই উদ্দেশ্যে অসম চৰকাৰে এক বিশেষ আঁচনি গ্ৰহণ কৰা লগতে কাৰ্যত পৰিণত কৰিবলৈ ইতিমধ্যে পুঁজি আবণ্টন দিছে। এই কথা ঘোষণা কৰিলে অসম চৰকাৰৰ ৰাজ্যিক গড়কাপ্তানী বিভাগৰ মন্ত্ৰী তথা ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে।
 
মুখ্যমন্ত্ৰীৰ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত পাঁচ কোটি টকা ব্যয় সাপেক্ষে চলাপথাৰ শ্যাম গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব। টাই খাময়াং জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান গাঁওখনত আৰ্থ সামাজিক উন্নয়নৰ লগতে গাঁওখনৰ কৃষি খণ্ড, অনাময়, যাতায়ত, স্বাস্থ্য, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, শিক্ষা, অৰণ্য সংৰক্ষণ, বিজুলী ব্যৱস্থাপনাৰ লগতে ইক’ টুৰিজিম গঢ়ি তোলা হ’ব। এই সন্দৰ্ভত সোমবাৰে চলাপথাৰ শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰৰ সভাকক্ষত এখন সজাগতা সভা অনুষ্ঠিত হয়।
 
চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত মন্ত্ৰী তথা মাহমৰাৰ বিধায়ক যোগেন মহনে আদৰ্শ গাঁও যোজনাখনৰ সন্দৰ্ভত ৰাইজৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা লগতে চৰকাৰী বিভাগসমূহৰ বিষয়াসকলক আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
 
মন কৰিবলগীয়া যে প্ৰতিবছৰে বহু দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা চলাপথাৰ শ্যাম গাঁৱৰ যুৱক-যুৱতীসকলে ইতিমধ্যে নিজৰ গাঁৱখনক প্ৰদুষণমুক্ত গাঁও হিচাপে গঢ়ি তুলিবলৈ আগবাঢ়ি অহাৰ লগতে ইয়াৰ বাসিন্দাসকলে ইতিমধ্যে নিজস্ব কৃষ্টি, পৰম্পৰা ৰক্ষাৰ জৰিয়তে এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.