আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ খানাপাৰাৰ দেৱনগৰত বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপন

0 235

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰা বেদখল স্থানসমূহ পুনৰ যাতে বেদখলকাৰীৰ কৱলত নপৰে তাৰ বাবে গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে গছপুলি ৰোপন অভিযান আৰম্ভ কৰিছে । আজি দেৱনগৰ হিচাপে পৰিচিত বন বিভাগৰ উচ্ছেদিত স্থানত গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহানগৰ আৰক্ষীৰ পূৱ গুৱাহাটী জিলাৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি বৰাই । কাৰ্য্যসূচীত মহানগৰ আৰক্ষীৰ দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস , পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা , গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকা , পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় মনোজ গোস্বামী আৰু নিৰঞ্জন কুমাৰ নন্দী , গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা , খানাপাৰা বন্যপ্ৰাণী কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া চফিকুৰ ৰহমান , খানাপাৰা বন শিবিৰৰ কেবাজনো বনকর্মী আৰু অঞ্চলটোৰ কেবাজনো প্ৰকৃতিপ্ৰেমী লোক উপস্থিত থাকে।আনহাতে কাৰ্যসূচীত উচ্ছেদিত কৰি মুকলি কৰা স্থানত শিলিখা,অৰ্জুন ,নাহৰকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ২৭০ টা গছপুলি ৰোপন কৰি গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বেৰা দিয়া হয়। গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই জানিবলৈ দিয়া মতে আগন্তুক দিনটো মহানগৰীৰ বিভিন্ন স্থান বিশেষকৈ মুকলিকৈ থকা ৰাজহুৱা স্থান , পথৰ দাঁতিত বা মাজত থকা ডিভাইদাৰত গছপুলি ৰোপন অভিযান চলি থাকিব।
বাতৰি যুগুতালে জিতুমনি দাসে

Leave A Reply

Your email address will not be published.