আমেৰিকা ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ অসমৰ ড০ ৰূপমজ্যোতি শৰ্মা

0 150

যোৰহাটৰ ড০ ৰূপমজ্যোতি শৰ্মাWhite Houseৰ প্ৰেছিডেন্সীয়েল ইনোভেচন ফোলো আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিৰ্বাচিত হৈছে।ইতিমধ্যেই ৰূপমজ্যোতি শৰ্মাই ৱাছিংটন ডিচিত ১০ এপ্ৰিলত শপত লৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে। ১৪ এপ্ৰিলত হোৱাইট হাউছত অনুষ্ঠিত হ’বলীয়া আদৰণি অনুষ্ঠানত ড০ শৰ্মাই অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কেন্সাৰ, এলজেইমাৰ, ডায়েবেটিছ দৰে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে এডভান্স ৰিচাৰ্জ প্ৰজেক্টছ এজেন্সি ফৰ হেলথ নামৰ নতুন সংস্থা গঠন কৰিছে।

উক্ত সংস্থাটোৰ অধীনতেই ৰূপমজ্যোতি শৰ্মাই মুখ্য তথ্য বিষয়া আৰু প্ৰেছিডেন্সীয়েল জ্যেষ্ঠ উপদেষ্টা হিচাপে ষোগদান কৰিছে।

Leave A Reply

Your email address will not be published.