ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ ইছলাম ধৰ্মাৱলম্বী যুৱতীৰ

0 188

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নিকটৱৰ্তী ঐতিহাসিক শৈৱপীঠ নাগশংকৰ দেৱালয়ৰ ৷ দেৱালয়খনৰ প্ৰাঙ্গনত হুমৰ জুইক সাক্ষী কৰি এইগৰাকী ইছলাম ধৰ্মাৱলম্বী যুৱতী তেজপুৰ বাৰিকাচুবুৰীৰ শ্বৱনম আৰা বেগমে হিন্দু সনাতনী ধৰ্মলৈ নিজকে ধৰ্মান্তকৰণ কৰে ৷ আজিৰে পৰা এইগৰাকী যুৱতীৰ নাম শ্বৱনম আৰা বেগমৰ সলনি হৈ পৰিল শ্বৱনম কাশ্যপ৷মাজুলীৰ দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উপস্থিতিত হিন্দু ধৰ্ম গ্ৰহণ এইগৰাকী ইছলাম ধৰ্মাৱলম্বী যুৱতীয়ে ৷ পূৰ্বৰ পৰাই সনাতন হিন্দু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱা এইগৰাকী যুুৱতীয়ে হিন্দু সনাতনী ধৰ্ম গ্ৰহণৰ বাবে ইতিমধ্যেই বিশ্ব হিন্দু মহাসংঘৰ ওচৰত লিখিত আবেদন জনাইছিল বাবেই আজি ঐতিহাসিক এই শৈৱপীঠত সম্পূৰ্ণ হিন্দু সনাতনী ধৰ্মৰ পৰম্পৰাৰে বৈদিক মন্ত্ৰোচাৰণৰ মাজত হুমৰ অগ্নিক সাক্ষী কৰি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হয় এইগৰাকী যুৱতী ৷ ইতিমধ্যে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পূৰ্বে নিজ পৰিয়ালৰপৰা কোনো ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হোৱা নাই বুলি উল্লেখ কৰি ধৰ্মান্তৰিত হৈ বৰ্তমান যথেষ্ট সুখী অনুভৱ কৰা বুলি মন্তব্য কৰে শ্বৱনমে ৷

আনহাতে মাজুলীৰ দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে স্ব-ইচ্ছাৰে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু সনাতনী ধৰ্ম গ্ৰহণ কৰা বাবে যুৱতীগৰাকীক শৰণ দি হিন্দু ধৰ্মৰ ৰীতি নীতি পালনৰ উপযোগী কৰি তোলাৰ বিষয়ে উল্লেখ কৰি হিন্দু সনাতনী ধৰ্মই কেতিয়াও কোনো লোকক জোৰ জৱৰদস্তি ধৰ্মান্তকৰণ নকৰে বুলিও ব্যক্ত কৰে ৷ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যও এয়া বিশ্বৰ সবাতোকৈ প্ৰাচীন হিন্দু সনাতনী ধৰ্মৰ সৰ্ববৃহৎ আদৰ্শৰ প্ৰতি আকষ্ট হৈ শ্বৱনম আৰা বেগমে হিন্দু ধৰ্ম গ্ৰহণ কৰা কাৰ্যক আদৰণি জনায়।

ইফালে ইছলাম ধৰ্ম ত্যাগ কৰি সনাতনী হিন্দু ধৰ্ম গ্ৰহণ কৰা শ্বৱনমক হিন্দু ধৰ্মৰ এইগৰাকী যুৱক প্ৰাণজিত মহন্তই নিজৰ জ্যেষ্ঠ ভগ্নী হিচাপে গ্ৰহণ কৰি অনাগত সময়ত তেখেতৰ লগত ভাতৃৰ দৰে থাকি সকলো কামকাজত সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.