তেজপুৰ শিক্ষয়িত্ৰী তথা সমাজকৰ্মী পল্লৱী নেওগ বৰাৰ সপোনৰ স্বাৱলম্বী অসম কিতাপ খনে দক্ষতা বিকাশ আৰু উদ্যমীতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে লেখিকা গৰাকীয়ে সন্মানীয় ইণ্ডিয়া প্ৰাইম অথৰ এৱাৰ্ড ২০২১ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্য খনৰ শিক্ষিত যুৱক যুৱতী সকলে কেনেদৰে বহিঃৰাজ্যলৈ নোযোৱা কৈ স্থানীয় ঠাইতে স্বাৱলম্বী হ’ব পাৰিব সেই বিষয়ে কিতাপখনত বিশদ ভাৱে আলোচনা কৰা হৈছে।তদুপৰি বিভিন্ন চৰকাৰী আঁচনি সমূহৰ যোগেদি স্থানীয় সম্পদ ব্যৱহাৰ জৰিয়তে কেনেদৰে উপাৰ্জন হৈ আত্মনির্ভৰশীল হ’ব পাৰি এই সন্দৰ্ভততো উল্লেখ কৰা হৈছে।বৰ্তমান সময়ত বৃত্তিমূলক পাঠ্যক্ৰম আৰু কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব আৰোপ কৰি পল্লৱী নেওগ বৰাই এই সম্পৰ্কীয় বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ বিষয়েও লিখিছে।ইয়াৰোপৰি অসমৰ কেইবাগৰাকী সফল কৃষক আৰু উদ্যমীয়ে পথাৰৰ পৰা বজাৰলৈ কৰা সংগ্ৰামী যাত্ৰাৰ ওপৰতো আলোকপাত কৰা হৈছে।স্বাৱলম্বী হ’বলৈ ইচ্ছুক যুৱক যুৱতীয়ে কেনেদৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব লাগিব ক’ৰ পৰা ঋণ লাভ কৰিব আৰু ইয়াক কেনেকৈ বিনিয়োগ কৰি বজাৰ দখল কৰিব পাৰিব এনে সকলো বিষয় সামৰা হৈছে কিতাপ খনত।ইতিমধ্যে লেখিকাৰ স্ব নিয়োজন সম্পৰ্কীয় বহুতো লেখা অসমৰ কেইবাখনো বাতৰি কাকত আৰু আলোচনীত ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছে।তদুপৰি গল্প আৰু কবিতাৰ ক্ষেত্ৰতো পল্লৱী নেওগ বৰাই বিভিন্ন আলোচনী স্থান অধিকাৰ কৰি আহিছে।প্ৰকাশ যে,লেখিকা গৰাকীয়ে নিজেই স্ব-নিয়োজন কৰ্মশালা অনুষ্ঠিত কৰি বিগত কেইবছৰমান পৰা অসমৰ পিছপৰা অঞ্চলত যুৱক যুৱতী আৰু মহিলা সকলক উৎসাহিত কৰাৰ পিছত প্ৰশিক্ষিত বহু লোকৰ স্বাৱলম্বীৰ পথো মুকলি হৈছে।সামাজিক উদ্যমীতাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে সপোনৰ স্বাৱলম্বী অসমক ইণ্ডিয়া প্ৰাইম অথৰ পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে।তেজপুৰ সঞ্জীৱ বৰা সোঁৱৰণী জনকল্যাণ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপিকা সমাজ সচেতন এইগৰাকী লেখিকা তত্বাৱধানত গঢ় লৈ উঠা অক্সিজেন বেংকে ক’ৰণা অতিমাৰী গ্ৰাসত পৰা লোক সকলক বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ যোগানৰ দৰে মহৎ কামত বৰ্তী হৈছে।লখিমপুৰ জীয়ৰী তথা তেজপুৰৰ বোৱাৰী পল্লৱী নেওগ বৰাৰ এই সফলতাত চহৰবাসীয়ে গৌৰাম্বিত হোৱা পৰিলক্ষিত হৈছে।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ