দেশৰ পৰম্পৰাগত বস্ত্ৰ আৰু ফেচন ডিজাইনিঙৰ ক্ষেত্ৰখনত বিশেষ সুনাম থকা “মান্যবৰ মোহে”ৰ বিপনি এখন আজি সন্ধিয়াৰ প্ৰাক ক্ষণত গুৱাহাটীৰ উত্তৰ জালুকবাৰীত ( কাটিয়া দলং ) সমীৰ কম্পলেক্সত মুকলি কৰা হয় । বহু গুণমুগ্ধ লোকৰ উপস্থিতিত বিপনিখন মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে । এই উপলক্ষে ক্ৰিকেটাৰ আবু নেচিম আহমেদে আঁত ধৰা চমু অনুষ্ঠানত নিশিতা গোস্বামীয়ে কয় দেশৰ বস্ত্ৰৰ জগত খনত এক বিশেষ সুনাম থকা মান্যবৰ মোহে বিপনি খনে গ্ৰাহক ৰাইজ বিশেষকৈ ফেচনৰ লগত জড়িত যুৱক যুৱতী সকলক আকৰ্ষিত কৰিব পাৰিব আৰু যান – জঁটৰ সমস্যাৰ পৰা কিছু পৰিমাণে মুক্ত উত্তৰ জালুকবাৰীত স্থাপন কৰা বিপনি খনে স্বাভাৱিকতে গ্ৰাহকৰ সহায়ক হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত বিপনি খনৰ স্বত্বাধিকাৰী আবুল আলী আৰু আছিফ ইকবাল আৰু তেওঁলোকৰ পৰিয়ালৰ লোক , বহু সংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে । উল্লেখযোগ্য যে প্ৰায় ৩,৫০০ বৰ্গফুট এলেকাযুক্ত বিপনি খনত পুৰুষ আৰু মহিলা উভয়ৰে পৰম্পৰাগত বস্ত্ৰ , ফেচন , অভিনয় , মাংগলিক কাৰ্যৰ লগত ব্যৱহৃত বস্ত্ৰ সমূহ উপলব্ধ হব । বিশেষকৈ পুৰুষৰ বাবে কুৰতা কামিজ শ্বেৰৱানী , উৰণা , ইণ্ডিয়া – ৱেষ্টাৰ্ণ , ধূতি , কোলাহপুৰী চেণ্ডেল , জোতা , মোজা ইত্যাদি । তেনেদৰে মহিলা বা যুৱতী সকলৰ বাবে লেংগেৰা , শাৰী , গ্ৰাউণ্ডকে ধৰি সাজপাৰত পৰিধান কৰা বিভিন্ন ডিজানিঙৰ কাপোৰ আৰু অলংকাৰ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি