দেশৰ পৰম্পৰাগত বস্ত্ৰ আৰু ফেচন ডিজাইনিঙৰ ক্ষেত্ৰখনত বিশেষ সুনাম থকা “মান্যবৰ মোহে”ৰ বিপনি এখন আজি সন্ধিয়াৰ প্ৰাক ক্ষণত গুৱাহাটীৰ উত্তৰ জালুকবাৰীত ( কাটিয়া দলং ) সমীৰ কম্পলেক্সত মুকলি কৰা হয় । বহু গুণমুগ্ধ লোকৰ উপস্থিতিত বিপনিখন মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে । এই উপলক্ষে ক্ৰিকেটাৰ আবু নেচিম আহমেদে আঁত ধৰা চমু অনুষ্ঠানত নিশিতা গোস্বামীয়ে কয় দেশৰ বস্ত্ৰৰ জগত খনত এক বিশেষ সুনাম থকা মান্যবৰ মোহে বিপনি খনে গ্ৰাহক ৰাইজ বিশেষকৈ ফেচনৰ লগত জড়িত যুৱক যুৱতী সকলক আকৰ্ষিত কৰিব পাৰিব আৰু যান – জঁটৰ সমস্যাৰ পৰা কিছু পৰিমাণে মুক্ত উত্তৰ জালুকবাৰীত স্থাপন কৰা বিপনি খনে স্বাভাৱিকতে গ্ৰাহকৰ সহায়ক হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত বিপনি খনৰ স্বত্বাধিকাৰী আবুল আলী আৰু আছিফ ইকবাল আৰু তেওঁলোকৰ পৰিয়ালৰ লোক , বহু সংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে । উল্লেখযোগ্য যে প্ৰায় ৩,৫০০ বৰ্গফুট এলেকাযুক্ত বিপনি খনত পুৰুষ আৰু মহিলা উভয়ৰে পৰম্পৰাগত বস্ত্ৰ , ফেচন , অভিনয় , মাংগলিক কাৰ্যৰ লগত ব্যৱহৃত বস্ত্ৰ সমূহ উপলব্ধ হব । বিশেষকৈ পুৰুষৰ বাবে কুৰতা কামিজ শ্বেৰৱানী , উৰণা , ইণ্ডিয়া – ৱেষ্টাৰ্ণ , ধূতি , কোলাহপুৰী চেণ্ডেল , জোতা , মোজা ইত্যাদি । তেনেদৰে মহিলা বা যুৱতী সকলৰ বাবে লেংগেৰা , শাৰী , গ্ৰাউণ্ডকে ধৰি সাজপাৰত পৰিধান কৰা বিভিন্ন ডিজানিঙৰ কাপোৰ আৰু অলংকাৰ।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন