উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ডিমাপুৰ-কোহিমা নতুন ৰেল প্ৰকল্পৰসুৰংগ নং ১৫ ত বৃহৎসফলতা অৰ্জন

0 189

ডিমাপুৰ-কোহিমা নতুন ব্ৰডগজ ৰেলপথ সংযোগ প্ৰকল্প সম্পূৰ্ণ কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ সফলতাৰ পদক্ষেপ হিচাপে উত্তৰ পূব সীমান্ত ৰে’লৱেই শেহতীয়াকৈ প্ৰকল্পটোৰ তৃতীয় পৰ্যায়ত এক বৃহৎমাইলৰ খুটি অৰ্জন কৰিছে। ১৫জুনত মেংগুজুমা আৰু জুবজা ষ্টেচনৰ মাজত ১৬০মিটাৰ দৈৰ্ঘ্যৰ ১৫নং সুৰংগ নিৰ্মাণৰ কাম সফলতাৰে সম্পন্ন কৰা হয়। ভাৰতীয় ৰেলৱে নেটৱৰ্কৰ জৰিয়তে কোহিমাক দেশৰ বাকী অংশৰ সৈতে সংযোগ স্থাপন কৰাৰ বাবে এই সাফল্যক এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

ভাৰতীয় ৰেলৱেই কেইবাটাও নতুন ৰেলপথ প্ৰকল্প কাৰ্যকৰী কৰি উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰূপান্তৰণত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। উত্তৰ-পূৰ্ব্বাঞ্চলৰসকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰিবলৈ নতুন ৰেলপথ নিৰ্মাণৰকাম ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত চলি আছে আৰু ডিমাপুৰৰ পৰা নাগালেণ্ডৰ কোহিমালৈ নতুন ব্ৰডগজ ৰেলপথ নিৰ্মাণ কৰাটো তেনে এক প্ৰকল্পৰ অন্তৰ্ভূক্ত।

অসমৰ ধনশিৰি ষ্টেচনৰ পৰা কোহিমাৰ গাতে লাগি থকা জুবজালৈ আৰম্ভ হবলগীয়া ৮২.৫০ কিলোমিটাৰ দীঘল ডিমাপুৰ- কোহিমা নতুন ৰে’লপথ প্ৰকল্পটো উত্তৰ-পূব সীমান্ত ৰে’লৱে নিৰ্মাণ সংস্থাই ৬,৬৬৩ কোটি টকাৰ প্ৰত্যাশিত ব্যয়েৰে হাতত লৈছে। প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৮২.৫কিমি (অসমত ২.৭৫কিমি আৰু নাগালেণ্ডত ৭৯.৭৫কিমি),ইয়াত০৮টা নতুন ষ্টেচন যেনে ধনশিৰি, ধনশিৰিপাৰ, শোখুভি, মোলভম, ফেৰিমা, পিফেমা, মেংগুজুমা আৰু জুবজা। এই প্ৰকল্পটোত ৩১ কিলোমিটাৰ দৈৰ্ঘ্যই সামৰি ল’ব ২৪ খন বৃহৎসেতু, ১৫৬ খন সৰুসেতু, ০৬ খন ৰোড অভাৰ ব্ৰীজ, ১৫ খন ৰোড আণ্ডাৰ ব্ৰীজ আৰু ২১ টা সুৰঙ্গ।ফেৰিমাৰ পৰা পিফেমাৰ মাজৰ সুৰংগ নং ৭এই প্ৰকল্পটোৰ আটাইতকৈ দীঘল সুৰংগটোৰ দৈৰ্ঘ্য হৈছে৬৫২০মিটাৰ। প্ৰকল্পটোৰকাম আৰম্ভ কৰাত সহজ হোৱাৰ বাবে ৩ টা পৰ্যায়ত ভাগ কৰা হৈছে। ধনশিৰিৰ পৰা শোখুভিলৈ ১৬.৫কিলোমিটাৰৰ প্ৰথম পৰ্যায়ৰকাম ইতিমধ্যে ২০২১ চনত অক্টোবৰ মাহত সম্পূৰ্ণ হৈছে। উত্তৰ-পূৰ্ব্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ আন্তঃ-আঞ্চলিক ৰে’ল সংযোগ বৃদ্ধিৰ বাবে শেহতীয়াকৈ শোখুভিৰ পৰাঅৰুণাচল প্ৰদেশৰ নাহৰলগুণ আৰু মেঘালয়ৰ মেন্দিপথাৰলৈ যাত্ৰীবাহী ৰেল সেৱা আৰম্ভ কৰা হৈছে। শোখুভিৰ পৰা ফেৰিমালৈকে পৰৱৰ্তী পৰ্যায়ৰ কাম অতি সোনকালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু জুবজালৈকে সম্পূৰ্ণ প্ৰকল্পটো ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

নতুন ৰেল সংযোগ প্ৰকল্পটোসম্পূৰ্ণ হলেদেশৰ অন্যান্য অংশৰ পৰা বহু কম খৰচত খাদ্যশস্য, অটোমোবাইল আৰু অন্যান্য আন্তঃগাঁথনিগত আৰু নিৰ্মাণ সামগ্ৰীসমূহপাহাৰীয়া ৰাজ্যখনলৈ পৰিবহনতো সহায় কৰিব, যাৰ ফলত স্থানীয় লোকসকল যথেষ্ট উপকৃত হ’ব। ৰাজ্যখনৰ অৰ্থনীতিয়ে এক বৃহৎ উত্থান লাভ কৰিব।

Leave A Reply

Your email address will not be published.