উন্নত আন্তঃগাঁথনি কৰ্মপৰিৱেশ সুচল কৰে লগতে কৰ্মোদ্যম বৃদ্ধি কৰে -মন্ত্ৰী নৱ কুমাৰ দলে

0 274

আমি এফালে যেনেদৰে গ্ৰাম্য অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন আঁচনি সফলতাৰে ৰূপায়ন কৰি আছে,আনফালে এই আঁচনি ৰূপায়নৰ গুৰি ধৰোতা সকলৰ কাম কৰাৰ পৰিৱেশ উন্নত কৰাৰ ওপৰতো সমানেই গুৰুত্ব দিয়ে। তাৰ বাবে পৰ্যায়ক্ৰমে গাঁও পঞ্চায়তৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়লৈকে সকলো আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব দিছে। কিয়নো উন্নত অন্ত:গাঁথনিয়ে কৰ্ম পৰিবেশ সুচল কৰাৰ লগতে কৰ্মোদ্যম বৃদ্ধি কৰে।আজি বিশ্বনাথ জিলা পৰিষদৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে এইদৰে কয়।
 
গ্ৰাম্য অসম উন্নতি কল্পে বিভাগৰ অধীনত ৰূপায়িত হৈ থকা প্ৰতিখন আঁচনিৰ সফলতাৰ ভাবে বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে দায়বদ্ধতা আৰু নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰিবলৈ আহ্বান জনায়।মন্ত্ৰী গৰাকীয়ে লগতে কয় যে গ্ৰামোন্নয়নৰ বাবে লোৱা প্ৰতিখন আঁচনি লগতে ৰাজ্য খনৰ বৃদ্ধ,বিধবা সকলৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ সম্পৰ্কেও ব্যাপক সজাগতা সৃষ্টি কৰিব লাগে যাতে সকলোৱে ইয়াৰ পৰা লাভ আদায় কৰিব পাৰে।
 
প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাবে নতুনকৈ ১১ লাখ হিতাধিকাৰী বাচনিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ দিল্লীলৈ গৈ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ সুফল এয়া।
 
আনহাতে যিঅ’ টেগিঙৰ পৰা বাদ পৰা গৃহসমূহৰো যিঅ’ টেগ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি সকলো দুখীয়া লোককে একোটাকৈ বাসগৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা পৰিকল্পনা বাস্তৱ ৰূপ দিয়া বাবে সকলো পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীয়ে একাগ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায়।
 
তদুপৰি মহিলাসকলৰ বাবে চৰকাৰে নতুনকৈ ঘোষণা কৰা স্বনির্ভৰ নাৰী আত্মনিৰ্ভৰ অসমৰ লগতে কনকলতা মহিলা সৱলীকৰণ যোজনাৰ ফলপ্ৰসু ৰূপায়নৰ বাবেও সকলোৱে পূৰ্বতকৈ অধিক আগ্ৰহেৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।
আনহাতে অবিবাহিত আৰু বিবাহ বিচ্ছেদ হৈ অকলে থকা মহিলাসকলৰ বাবে গ্ৰহণ কৰা আইদেউ সন্দিকৈ আঁচনিৰ অহা ডিচেম্বৰ মাহত প্ৰৱৰ্তন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
 
আজিৰ সভাত চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ শিল্প,ৰেচম আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত,বিধায়ক ক্ৰমে পদ্ম হাজৰিকা,প্ৰমোদ বৰঠাকুৰ ,বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাবন্য চাৰিঙিয়া,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত হোমেন দাস,বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ শৰ্মা আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্র পাটৰকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.