উন্মোচিত হ’ল যতীন চন্দ্ৰ শইকীয়াৰ “স্মৃতি কঢ়িয়াই এৰি অহা খোজবোৰ” শীৰ্ষক গ্ৰন্থ

0 273

আজি দেওবাৰে দিনৰ ১১বজাত গুৱাহাটীৰ “লেণ্ডমাৰ্ক হোটেলৰ সভাগৃহত” আয়োজন কৰা এক অনুষ্ঠানত যতীন চন্দ্ৰ শইকীয়াই অষ্ট্ৰেলিয়া ভ্ৰমণকালত লব্ধ অভিজ্ঞতাৰে লিখা আৰু “আদি” প্ৰকাশে প্ৰকাশ কৰি উলিওৱা “স্মৃতি কঢ়িয়াই এৰি অহা খোজবোৰ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে গল্পকাৰ, সমালোচক তথা নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্তই৷এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক গল্পকাৰ,লেখক অতনু ভট্টাচাৰ্য,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° তৰণী ডেকা,নিউ আৰ্ট প্লেয়াৰ্ছৰ সদস্য ,অভিনয়শিল্পী-আবৃত্তিকাৰ মল্লিকা বৰুৱা৷সাংবাদিক লেখিকা দৰ্শনা বৰুৱাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত বন্তি প্ৰজ্বলন কৰে মঞ্জুলা বৰাই৷সভাখনত ৰজত কমল বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ,ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য,মানস কুমাৰ মহন্ত,প্ৰভাকৰ দে,মিতালী দে ,পংকজ পৰাণ,প্ৰীতিৰেখা ভূঞা,মধুমিতা বৰুৱা শইকীয়া,পাপৰি সৌকাধৰা বৰঠাকুৰ,নন্দনা শইকীয়া,অজন্তা বুঢ়াগোহাঁই,প্লাৱন বৰুৱা,অপৰাজিতা লহকৰ,যতীন খনিকৰ,শশাঙ্ক ভূঞা,খনিন্দ্ৰভূষণ মহন্ত, অজন্তা চৌধুৰী,মৃদুল কুমাৰ শইকীয়া,গুণজিৎ দেৱগোস্বামী, ডা°অনিল তালুকদাৰ,ভৱেন মহন্ত,কংকনা মহন্ত প্ৰমুখ্যে ভিন্নক্ষেত্ৰৰ কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷গ্ৰন্থখন উন্মোচন কৰি মাইনী মহন্তই কয় যে–ভালেখিনি তথ্যপূৰ্ণ হোৱাৰ বাবে অসমৰ ভ্ৰমণকাৰীক অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে শইকীয়াৰ গ্ৰন্থখনে যথেষ্ট সহায় কৰিব৷ফুৰা-চকা আৰু ভ্ৰমণৰ মাজত যে এক বিৰাট প্ৰভেদ আছে তাক কিতাপখনৰ ৰোমাঞ্চকৰ যাত্ৰাই অনুপম ৰূপত তুলি ধৰিছে৷
সৰলতা,সংবেদনশীলতাৰে ভৰা কিতাপখন পাঠকৰ বাবেও সুখদায়ী হ’ব বুলি একে আষাৰে ক’ব পাৰি৷

Leave A Reply

Your email address will not be published.