পলাশবাৰীৰ উপৰহালীস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ মুখ্য কাৰ্যালয় চৌহদত আজি এন.এ.এফ.ই.ডি (NAFED)ই এটি ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত কেন্দ্ৰটি উদ্বোধন কৰে কৃষি বিষয়া বিমল প্ৰসাদ দেউৰীয়ে। এই উপলক্ষে এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়। সভাত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ বাণিজ্য বিষয়া অপূৰ্ব দাস, কৃষি উন্নয়ণ বিষয়া, ৰামপুৰৰ জ্যোতিৰেখা দাস, কৃষি উন্নয়ণ বিষয়া মিৰ্জাৰ কল্যাণ শৰ্মা, কৃষি উন্নয়ণ বিষয়া ৰাণীৰ বৰ্ণালী মেধী আৰু এটিম.চি.এচ.এচ আত্মা ৰাজুমণি দাসসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।মিৰ্জা, বঙৰা, ৰাণী, ৰামপুৰ, বৰদুৱাৰ, ৰঙামাটি, ছয়গাঁওকে ধৰি অঞ্চলটোৰ কৃষকসকল উপস্থিত থকা সভাত ধান ক্ৰয়ৰ বিষয়ে সজাগতা কৰা হয়। ২০২২-২৩ ইং বৰ্ষৰ বাবে ভাৰত চৰকাৰে ধানৰ প্ৰতি কুইণ্টলত নুন্যতম ২০৪০ টকাকৈ ধাৰ্য কৰিছে। গতিকে কৃষকসকলে বজাৰ মুল্যতকৈ চৰকাৰৰ ধান ক্ৰয় কেন্দ্ৰত উচিত মূল্য লাভ কৰিব পাৰিব বুলি এই সভাৰ জৰিয়তে সজাগ কৰা হয়।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls