জনসাধাৰণৰ পথ যোগাযোগ তথা যাতায়াত ব্যৱস্থা সূচল কৰি তোলাৰ লক্ষ্যৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ নগৰাঞ্চল গ্ৰামাঞ্চল উভয়তে যাতায়াতৰ অনুপযোগী হোৱা পথ, উপপথ সমূহ গড়কাপ্তানী পথ বিভাগৰ এছ অ’ পি ডি আচনিৰ জৰিয়তে পুনঃনিৰ্মাণ তথা মেৰামতিৰে আন্তঃগাথনি উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে আজি খনামুখ, লংকেশ্বৰ আৰু গাড়ীগাৱত মুঠ নটা পথ, উপপথৰ পুনঃনিৰ্মাণ তথা মেৰামতিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আধাৰশিলা স্থাপন কৰা পথ কেইটা হ’ল বকুল পথ খানামুখ, খানামুখ, লংকেশ্বৰ সেওজ বন পথ, লংকেশ্বৰ নামঘৰ পথ, তৰুণ নগৰ পথ, ফৰেষ্ট স্কুল মুখ্য পথ, দেহান গাড়ীগাঁও শ্মশান পথ, উদয় পথ আৰু দেহান গাড়ীগাঁও বণিয়া পাৰা পথ। এই উপলক্ষে আপৰ যুৱনেতা ৰঞ্জন পাটোৱাৰীয়ে আঁত ধৰা চমু অনুষ্ঠানত বিধায়ক গৰাকীয়ে কাম কাজ সমূহত ৰাইজক চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ আৰু তদাৰকী কমিটীৰ সদস্য সুভাষ শৰ্মা, গড়কাপ্তানী পথ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, কনিষ্ঠ অভিযন্তা অমল ডেকা, যুৱনেতা ৰুবুল বৈশ্য, প্ৰণৱ দাস, শ্ৰী শ্ৰী লংকেশ্বৰ ধাম পৰিচালনা কমিটীৰ সভাপতি কামিনীকান্ত কলিতা, খনামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ কমিটীৰ সভাপতি বলেন চন্দ্ৰ ঠাকুৰীয়া, মহিলা নেত্ৰী তথা অধ্যাপিকা অঞ্জলী দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট লেখক উপস্থিত থাকে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta