ওদালগুৰি জিলাত ১২ -১৪ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ টিকাকৰণ আৰম্ভ

0 350

আজিৰ পৰা আৰম্ভ হ’ল ১২-১৪ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ টিকাকৰণ প্ৰক্ৰিয়া। ওদালগুৰি জিলাতো আজিৰ পৰা ১২-১৪ বছৰ বয়সৰ ল’ৰা ছোৱালীক কভিড ১৯ ৰ প্ৰথম পালি Corbevox ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হল। আজি ১১৬ জন ছাত্ৰ ছাত্ৰীক এই ভেকচিন প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই পৰ্যন্ত জিলা খনত ৬,০৬,০৪২ গৰাকীয়ে প্ৰথম পালি ভেকচিন, ৪,৪৫,২৬১ গৰাকীয়ে দ্বিতীয় পালি ভেকচিন আৰু ৬,৪৩৫ গৰাকীয়ে ভেকচিনৰ সুৰক্ষাসূচক ) পালি গ্ৰহণ কৰিছে।
আনহাতে আজি ওদালগুৰি জিলাত ৰাষ্ট্ৰীয় ভেকচিন দিৱস পালন কৰা হয়। ওদালগুৰি, খৈৰাবাৰী, ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত উদযাপন কৰা এই দিৱসত পলিও কাৰ্যসূচীত বিশেষ অৰিহণা আগবঢ়োৱা প্ৰতিটো ব্লক ৰ দুগৰাকীকৈ আশা কৰ্মী আৰু এগৰাকী এএনএমক সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply

Your email address will not be published.