নৱগ্ৰহ সমীপবৰ্তী মহাবাহুৰ পাৰত অলপতে কবি জোনটি শৰ্মাৰ বাসগৃহত এখন কবিতা পাঠৰ অনুষ্ঠান আয়োজিত হয়। বিশিষ্ট অনুবাদক আমিনুৰ ৰহমানৰ দ্বাৰা প্ৰতিষ্ঠিত গোট অসমীয়া কবিতা চৰ্চাৰ দ্বাৰা আয়োজিত উক্ত অনুষ্ঠানত বহুকেইজন নবীন-প্ৰবীন কবিয়ে অংশগ্ৰহণ কৰে। স্বৰচিত কবিতা পাঠৰ লগতে বহুকেইজন কবিৰ কবিতা পাঠ আৰু অন্তৰঙ্গ আলাপেৰে অনুষ্ঠানটো জীপাল হৈ পৰে। অসমীয় কবিতা চৰ্চাৰ এক মহৎ উদ্দেশ্য হ’ল নবীন কবিসকলক অনুপ্ৰাণিত কৰাৰ লগতে কাব্যিক জগতখন কিছু পৰিমাণে হ’লেও চহকী কৰি সমাজলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা। উক্ত কবিতা পাঠৰ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অনুবাদক আমিনুৰ ৰহমান, কাব্যনীল,জোনটি শৰ্মা ,জাহ্নৱী নাথ শইকীয়া, চৈয়দা অাঞ্জুম আৰা হুছেইন,জুনু বৰগোঁহাই নাথ, মিতা শৰ্মা, দীপজ্যোতি শৰ্মা,আৰ বি ৰফিক,মুজাক্কিৰুল ইছলাম দাৰ্মি,আলি জিন্না,ড•আদিল আহমেদ, প্ৰিয়দৰ্শিনী শৰ্মা, ৰীতা শৰ্মা, শৈলেন্দ্ৰ প্ৰসাদ শইকীয়া,ৰমেন্দ্ৰ চন্দ্ৰ দেৱ শৰ্মা প্ৰমুখ্যে নবীন প্ৰবীন কবিসকল ।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান