কমল কুমাৰ বৰ্মনলৈ সাহিত্য সাৰথি বঁটা প্ৰদান পশ্চিম বংগৰ ভাষা শিক্ষা সংসদৰ

0 428

উত্তৰ বংগৰ কোচবিহাৰ জিলাৰ ইচ্ছা গঞ্জত ২৮ অক্টোবৰ দিনটো আই ভাষা দিৱস হিচাপে উদযাপন কৰি ভাষা শিক্ষা সংসদে অসমৰ কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনলৈ সাহিত্য সাৰথী বটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ সুলেখক ভগিৰথ দাস, লেখীকা শশিবালা অধিকাৰীৰ, লগতে কোচৰাজবংশী সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী, কেএছিৰ সদস্য সমৰেন্দ্ৰ নাৰায়ণ বৰ্মন ,কোচৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদ কৃষ্ণ বৰ্মন , লেখক ৰবিন্দ্ৰ নাথ ৰায়, বংগ ৰত্ন কমলেশ চন্দ্ৰ ৰায়, সাংবাদিক ধনকেশ বৰ্মন আদিয়ে উপস্থিত থাকে। কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনে সাহিত্য সাৰথী বটা আৰু সম্বৰ্ধনা গ্ৰহন কৰি পশ্চিম বংগৰ ভাষা শিক্ষা সংসদৰ কৰ্মকৰ্তা সকলোক ধন্যবাদ জনায়।

Leave A Reply

Your email address will not be published.