অসমীয়া ছবিজগতলৈ সুখৱৰ। ২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’।১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’ব এই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱত ভাৰতীয় কথাছবি প্ৰতিযোগিতা শিতানলৈ নিৰ্বাচিত হৈছে প্ৰাঞ্জল কে শইকীয়াৰ দ্বাৰা পৰিচালিত কথাছবি অকমান।উল্লখ্য যে এই কথাছবিখনৰ কাহিনীভাগ অসমৰ এখন ভিতৰুৱা গাওঁৰ ১২ বছৰীয়া ল’ৰা অকমানে বিদ্যালয়ত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত অজানিতে কৰা ভুলৰ বাবে জাতীয় পতাকাখন খোল নোখোৱাত শিক্ষকৰ শাস্তিৰ সন্মুখীন হয়। সেইদিন ধৰি অকমানে এখন জাতীয় পতাকা কিনি উৰুৱাবলৈ নিজৰ মনতে সংকল্প লয়। এদিন অকমানে এখন নতুন পতাকা বিচাৰি পায়। কিন্তু সেইখন জাতীয় পতাকা নাছিল, সেইখন আছিল অকমানৰ পিতৃয়ে এৰি যোৱা পতাকা। অকমান সেই পতাকা খনৰ প্ৰতি আকৃষ্ট হয় আৰু এদিন দুৰ্বিপাকত পৰে। সেই উপলব্ধিক মূল বিষয়বস্তু হিচাপে লৈ পৰিচালক প্ৰাঞ্জল কে শইকীয়াই কথাছবিখন নিৰ্মান কৰিছে।উল্লেখ্য যে পৰিচালক প্ৰাঞ্জল কে শইকীয়াৰ দ্বাৰা পৰিচালিত এইখন প্ৰথম কথাছবি। কথাছবিখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিনহা, ভাস্কৰ দত্ত আৰু প্ৰাঞ্জল কে শইকীয়াই। সহ প্ৰযোজনাত আছে দীপাংকৰ জোনাক বৰুৱা।অকমানৰ চৰিত্ৰত ভূপেন গগৈয়ে অভিনয় কৰাৰ লগতে সন্ধ্যা হাজৰিকা, বিশ্বজিৎ সন্দিকৈ, আষ্ট্ৰিয়ানা দিহিঙিয়া, ৰাজু গগৈ, গৌতম গগৈ, সাগৰ গগৈ, জানমণি গগৈ, মধুস্মিতা গগৈ, লেখনী দেৱী, ধৰণী শইকীয়া, ৰঞ্জিৎ শৰ্মা, গিতালী শইকীয়া, লাভলী দিহিঙিয়া আৰু ছায়াশ্ৰী চমুৱাই অভিনয় কৰিছে। দৃশ্যগ্ৰহণ নৱনিত নীলাভ, সম্পাদনা দিগন্ত বৰা, চাউণ্ড ডিজাইন দেৱজিত গায়ন, সংগীত মনদীপ-মনমিত, সাজসজ্জা ৰিজুমণি দেউৰী।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls