কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

0 223

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰাজ্যিক ভিত্তিত আজিৰে পৰা “বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী”ৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে শুভাৰম্ভ কৰে। ১০ জুলাইৰ পৰা ৯ আগষ্টলৈকে একমাহ ধৰি পাঁচ বছৰ অনুৰ্ধৰ ৰাজ্যৰ প্ৰায় ৩৭ লাখ শিশু অৰ্ন্তভুক্ত কৰি এই বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ এই কাৰ্যসূচীৰ অধীনত জিংকৰ বড়ি আৰু অ’ আৰ এছ প্ৰদানেৰে শিশু সকলৰ স্বাস্থ্য সুৰক্ষা কৰিবলৈ স্বাস্থ্য মনত্ৰী কেশৱ মহন্তয়ে আহ্বান জনাইছে ৷

ইয়াৰোপৰি, ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ অধীনত কলিয়াবৰৰ ২ শতাধিক ব্যক্তিৰ কেটেৰেক্ট বা চকুত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰা হৈছে৷ এই অস্ত্ৰোপচাৰ সম্পন্ন হোৱা একাংশ ব্যক্তিক আজিৰ অনুষ্ঠানতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জনাই আৰু বহুকেইগৰাকী ব্যক্তিৰ মাজত চছমা বিতৰণ কৰে ৷

মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত অসম চৰকাৰে জনস্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে মনোনিৱেশ কৰি আহিছে। ডায়েৰীয়া নিয়ন্ত্ৰণ আৰু কেটেৰেক্ট মুক্ত অসম গঢ় দিয়াৰ নিমিত্তে প্ৰচেষ্টা সদায় অব্যাহত থাকিব৷

আজিৰ শুভাৰম্ভ অনুষ্ঠানত কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, এনএইচএমৰ ৰাজ্যিক নডেল বিষয়া (পৰিপুষ্টি) হৰ্পাল সিং সুৰী, অতিৰিক্ত পৰামৰ্শদাতা (শিশু স্বাস্থ্য) কৃষ্ণা কেম্প্ৰাই, নগাঁৱৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্ত, জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতা, কলিয়াবৰৰ মহকুমা চিকিৎসা বিষয়া ডাঃ বীৰেন দেউৰী, কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জয়দীপ কাকতি, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি, চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.