কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰক শিলচৰলৈ বদলি-যতীন্দ্ৰ শৰ্মা কাজিৰঙাৰ নতুন সঞ্চালক

0 263

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক পি শিৱকুমাৰক ৰাজ্য চৰকাৰে এক নির্দেশযোগে বদলি কৰিছে ৷ জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰক কাজিৰঙাৰ পৰা দক্ষিণ অসম চক্ৰৰ শিলচৰৰ মুখ্য বন সংৰক্ষক পদলৈ বদলি কৰিছে আৰু তেওঁৰ ঠাইত যতীন্দ্ৰ শৰ্মাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে যোগদান কৰিবলৈ পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠীয়ে স্বাক্ষৰ কৰি নিৰ্দেশ জাৰি কৰিছে । উল্লেখ্য ভাৰতীয় বন সেৱাৰ বিষয়া যতীন্দ্ৰ শৰ্মাই শিলচৰত কৰ্মৰত হৈ আছিল । ভাৰতীয় বন সেৱাৰ বিষয়া পি শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ দায়িত্বত প্রায় তিনি বছৰ কাম কৰিছিল । অতি গুৰুত্বপূৰ্ণ কথা যে, পি শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ দ্বাৰা গঁড় নিধনৰ সংখ্যা হ্রাস পাইছিল । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত বিশেষকৈ নতুন চিন্তাৰে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি বন্যপ্ৰাণী আৰু পক্ষীৰ কাৰণে পানী সংৰক্ষণৰ কেইবাটাও আচঁনি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল ৷ ইফালে তেওঁৰ দিনতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নয়ণ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল মাটিকালিৰ সৈতে বহু হেক্টৰ ভূমি বন্যপ্ৰাণীৰ বিচৰণ আৰু খাদ্যৰ সুবিধা হোৱাকৈ সংযোজন ঘটাইছিল । অতি উল্লেখনীয় যে বন বিভাগে চিহ্নিত কৰা কাজিৰঙাৰ ৯ টা এনিমেল কৰিডৰত দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছত কিছু লোকে আইন ভংগ কৰি অবৈধভাৱে নিৰ্মান কাৰ্য চলোৱাৰ কথা তথ্য সহকাৰে ঊর্ধ্বতম কর্তৃপক্ষক সঘনাই লিখিতভাৱে অৱগত কৰি আছিল । যাৰ ফলত সঞ্চালক পি শিৱকুমাৰে কোনো পক্ষপাত নোলোৱাকৈ দিয়া প্রতিবেদনৰ ওপৰত ভিত্তি কৰি গোলাঘাট আৰু নগাঁও জিলা প্রশাসনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা কাৰ্য উচ্ছেদ কৰিবলৈ বাধ্য হৈছিল ।

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.