কামৰূপ গ্ৰাম্যৰ বৰিহাট গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত আজি বিশ্ব খাদ্য দিৱস উপলক্ষে এটি আলোচনাচক্র অনুষ্ঠিত হয়। পথাৰ শস্য বিশেষজ্ঞ ৰিজৱানুল হেলিমে আঁত ধৰা এই অনুষ্ঠানটিত উদ্ধোধনী ভাষণ আগবঢ়ায় আৰু উক্ত দিনৰ তাৎপর্য বৰ্ণনা কৰে। আলোচনাটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সামাজিক গৱেষণা পৰামৰ্শদাতা ময়ুৰী ৰাজবংশীয়ে খাদ্য সুৰক্ষা, পুষ্টিহীনতা আৰু ইয়াৰ কাৰণ, মহিলা আৰু শিশুৰ বাবে স্বাস্থ্যকৰ আহাৰ আৰু কেঁচুৱাৰ বাবে কিছুমান কম ব্যয়ৰ পুষ্টিকৰ ব্যঞ্জন প্ৰস্তুত কৰিব পাৰোঁ তাৰ দিশ সমূহৰ ওপৰত ভাষণ প্ৰদান কৰে। এই আলোচনাত উপস্থিত আছিল এই অঞ্চলৰ কৃষি সম্প্ৰসাৰণ সহায়ক মোহিতোচ দাস আৰু আঞ্চলিক পঞ্চায়ত সদস্য নবনিতা চৌধুৰী কলিতা। উক্ত অনুষ্ঠানত ৫০ জনৰো অধিক কৃষক আৰু মহিলা উপস্থিত আছিল। এই বিশেষ দিনৰ লগত সঙ্গতি ৰাখি উপস্থিত ৰাইজৰ মাজত উন্নত জাতৰ লাওৰ বীজ বিতৰণ কৰা হয়।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই