কামৰূপ জিলাত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা

0 209

কামৰূপ জিলাত সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত আজি এখন সভা অনুষ্ঠিত হয়৷ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই সভাত আগন্তুক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়৷
বৰ্তমানেও ক`ভিড পৰিস্থিতি সম্পূৰ্ণৰূপে সাম নকটাৰ পৰিপ্ৰেক্ষিতত এইবেলিও স্বাধীনতা দিৱসটি ক`ভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি আয়োজন কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে কয়৷ আনহাতে স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়৷
প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ স্বাধীনতা দিৱসৰ পেৰেডত কেবল আৰক্ষী, সামৰিক আৰু অদ্ধৰ্সামৰিক বাহিনীৰ লোকেহে অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সভাত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে নিৰাপত্তাৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ সম্পৰ্কত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়৷
আজিৰ সভাত বিভিন্ন বিভাগ¸ সামৰিক তথা অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপৰি জিলাখনৰ উন্নয়ন আয়ুক্ত নৰসিং বে’, অতিৰিক্ত উপায়ুক্ত সুজিত বাগলাৰী আৰু প্ৰশান্ত প্ৰতীম কাঠকটীয়াকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.