কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ‘দেশভক্তি দিৱস’ পালন কৰি স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকনক তেখেতৰ মৃত্যুতিথিত স্মৰণ কৰা হয়৷ এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷ জিলা আয়ুক্তগৰাকীৰ লগতে সভাত উপস্থিত থকা অতিৰিক্ত উপায়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকা, ঝৰ্ণা পাটগিৰি, সংগীতা দেৱী প্ৰমুখ্যে জিলা আয়ুক্ত কাৰ্যালয়ৰ বহুসংখ্যক বিষয়া- কৰ্মচাৰীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে৷ অতিৰিক্ত উপায়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাই তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে৷ তেওঁ কয় যে স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকন এগৰাকী চিৰ তৰুণ ব্যক্তি আছিল৷ তেখেতৰ ব্যক্তিত্বৰ মোহনীয় শক্তিয়ে ওচৰত থকা সকলোৰে মন প্ৰফুল্লিত কৰিব পাৰিছিল৷ ড。হাজৰিকাই তৰুণৰাম ফুকনৰ ৰাজনৈতিক আৰু সামাজিক জীৱন সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে৷ সভাখনত জিলা আয়ুক্ত কাৰ্যালয়ৰ অৰ্ধশতাধিক কৰ্মচাৰী উপস্থিত থাকে৷
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta