কামৰূপ জিলাৰ কুলশী নদীত বিশ্বৰ ভিতৰতে শিহুৰ ঘনত্ব সৰ্বাধিক পৰিমাণৰ আছিল, যদিও যোৱা প্ৰায় এটা দশক ধৰি “শিহুৰ জনসংখ্যা আৰু ঘনত্ব ব্যাপক হাৰত কমি অহাৰ পৰিপ্ৰেক্ষিতত গভীৰ উদ্বেগ প্রকাশৰ লগতে মৰ্মাহত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে ভিন-ভিন দল-সংগঠন। ৰাজ্যৰ সমন্বয়- সংহতি- ঐক্যতাৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্ৰধান সম্পাদক তথা সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক দীপক শৰ্মাই ৰাজ্য চৰকাৰক বিনম্রতাৰে অনুৰোধ জনাই কয় যে- “শিহুৰ ঘনত্ব যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ একাধিক কাৰক আছে। চৰকাৰৰ বিভাগীয় উৰ্দ্ধতন কৰ্তৃপক্ষই স্বতন্ত্র অনুসন্ধানকাৰী দলক নিয়োগ কৰি ইয়াক উদঘাটন কৰিব লাগে। কাৰকসমূহ উদঘাটন কৰি ইয়াৰ দ্ৰুত সমাধান কৰিব লাগে। বিশ্ববিশ্ৰুত কুলশী নদীৰ শিহুক জীয়াই থাকিব দিব লাগিব। জীয়াই ৰাখিব লাগিব। ৰাজ্য চৰকাৰে এইক্ষেত্ৰত দৃঢ় প্ৰদক্ষেপ ল’ব লাগিব।বহুবাকৰ প্রধান সম্পাদক শ্রীশৰ্মাই কয়- কুলশী নদীৰ বহন ক্ষমতা বৰ্তমান দ্ৰুতহাৰত কমি অহাটো আমাৰ দৃষ্টিগোচৰ হৈছে। নদীৰ তলিভাগ উঠি আহিছে। যাৰফলস্বৰূপে শিহুৰ বাসস্থান ক্ষতিগ্রস্ত হৈছে। আকৌ, কুলশী নদীত থকা শিহুৰ কলনিসমূহ ক্ৰমে- জাৰাবাৰী, ২নং জীয়াকুৰ, কুকুৰমাৰা আদি তাৎক্ষণিকভাৱে সংৰক্ষণ কৰিব লাগে। কলনিসমূহ ব্যাপকভাৱে প্ৰদূষণ হৈছে। অচিৰেই প্ৰদূষণ মুক্ত কৰিব লাগে। কুলশী নদীৰ পানী বৰ্তমান ঘোলা হৈ পৰিছে। বোকাময় হৈ পৰিছে। যাৰ বাবে শিহুৱে নিজৰ খাদ্যৰ সন্ধান কৰাত যথেষ্ট পৰিমাণে অসুবিধাত পৰিছে। কুলশী নদীৰ পানী অনতি বিলম্বে পৰিস্কাৰ পৰিচ্ছন্নতা কৰাৰ ব্যবস্থা কৰিব লাগে।” বহুবাকৰ প্ৰধান সম্পাদক শ্রী শৰ্মাই আৰু কয়- কুলশী নদীখনক সংৰক্ষিত নদী (Procted Reserve) হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰিব লাগে।পৰবৰ্তী সময়ত সংৰক্ষিত নদী হিচাপে গঢ় দিলে দেশী-বিদেশী পৰ্যটকৰ ঘাই কেন্দ্ৰবিন্দু হৈ উঠিব।” মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধিয়ে কয়- কুলশী নদীৰ শিহু চাবৰ বাবে দেশৰ ভিন – ভিন ঠাইৰ প্ৰকৃতিপ্ৰেমী লোক আহে। কিন্তু এই শিহুলৈ আহিছে অমানিশা। এই অমানিশা আঁতৰ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ বন বিভাগে যথোপযুক্ত ধৰণেৰে সুব্যৱস্থা কৰিব লাগে। দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসে কয়- বিশ্বৰ বিভিন্ন প্ৰান্তত শিহু বিলুপ্তি ঘটিছে। কিন্তু কামৰূপৰ কলহী নদীত আজিও বিদ্যমান। এই ক্ষেত্ৰত অসম চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষই শিহু সংৰক্ষণত যথেষ্ট পৰিমাণে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগে। কুলশী নদীখনক সংৰক্ষিত নদী হিচাপে অচিৰেই ঘোষণা কৰাৰ বাবে কামৰূপ সচেতন মঞ্চই আহ্বান জনাইছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল