বি জে পিৰ গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ উদ্যোগত ৰাণীমণ্ডল মহিলা মৰ্চা আৰু আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র কামৰূপৰ সহযোগত কেন্দ্ৰ চৌহদত ১১ আৰু ১২জানুৱাৰীত দুদিনীয়াকৈ ভোগালী মেলা অনুষ্ঠিত হয় । মেলাত বিভিন্ন প্ৰান্তৰ ১২ টা মহিলা আত্মসহায়ক গোটে ভাগ লৈ তেওঁলোকে প্রস্তুত কৰা সা-সামগ্ৰী সমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰে।১১ জানুৱাৰীত ভোগালী মেলাৰ শুভ উদ্ধোধন কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই। এই উপলক্ষে বি জে পি ৰ ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথে আঁত ধৰা অনুষ্ঠানত সাংসদ কুইন ওজাই এনে ধৰণৰ মেলা অনুষ্ঠিত কৰি মহিলা আত্মসহায়ক গোট সমূহক লাড়ু,পিঠা, সান্দহ ,চিৰাকে ধৰি ভোগালী বিহু উপলক্ষে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী আৰু প্ৰদৰ্শনৰ সুবিধা কৰি দিয়া বাবে উদ্যোক্তাত সকলৰ শলাগ লয় । অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্র,কামৰূপৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতা, বি জে পিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যদ্বয় ক প্রশান্ত মহন্ত আৰু অশোক কুমাৰ ভঁৰালী , গুৱাহাটী জিলা কমিটিৰ সম্পাদক বলেশ্বৰ ৰংপী,ৰামচাৰাণী জিলা পৰিষদৰ সদস্যা আৰু ৰাণী মণ্ডল মহিলা মৰ্চাৰ সভানেত্রী শিখা নাথ চৌধুৰী , প্ৰাক্তন সভানেত্ৰী গিৰিজা মেধীকে ধৰি কেবাজনো কৰ্মকর্তা , কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী মধুস্মিতা ডেকাকে ধৰি কেবাজনো বিষয় ববীয়া আৰু আত্মসহায়ক গোট সমূহৰ কৰ্মকর্তা সকল উপস্থিত থাকে ।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন