কৃষি বিজ্ঞান কেন্দ্ৰৰ সজাগতা সভা অনুষ্ঠিত

0 166

দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰাকৃতিক কৃষি আঁচনিৰ অধীনত আজি জামুগুৰিহাটৰ ধলাইবিলৰ দীঘলপেটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু অভিভাৱক সকলৰ মাজত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ শোনিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সৌজন্যত আৰু শ্যামল প্ৰদিউচাৰ কোম্পানীৰ সহযোগত আয়োজিত সজাগতা অনুষ্ঠানটিত ভূমি বিশেষজ্ঞ ড° নমিতা দত্ত আৰু পথাৰ শস্য বিষয় বিশেষজ্ঞ ড° ৰজী চেতিয়াই সজাগতা অনুষ্ঠানটিত বক্তব্য প্ৰদান কৰে ৷ বক্তা দুগৰাকীয়ে ৰাইজক কৃষি কৰ্মৰ ক্ষেত্ৰত সকলো ধৰনৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ আহৱান জনাই সম্পুৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে কৃষি কৰ্ম কৰি যাবলৈ অনুৰোধ জনাই কয় যে ৰাসায়নিক সাৰ প্ৰয়োগে কৃষিৰ উৎপাদন বৃদ্ধি নকৰে ৷ৰাসায়নিক সাৰ বিশেষকৈ ইউৰিয়া সাৰ প্ৰয়োগৰ বােব উৎপাদন কম হোৱাৰ লগতে মাটিৰ গুনাগুন হ্ৰাস পায় ৷ এই ক্ষেত্ৰত সকলো সজাগ হব লাগে যিহেতু মাটিৰ স্বাস্থ্য ভাল কৰি ৰখাতো আমাৰ সকলোৰে দ্বায়িত্ব ও কৰ্তব্য ৷ প্ৰাকৃতিক কৃষি পদ্ধতি হৈছে সকলো ধৰনৰ সাৰ প্ৰয়োগ বৰ্জন কৰি কৰি গৰুৰ গোবৰ আৰু গো মূত্ৰ আৰু বেম্বো বাউচাৰ তথা জীৱামৃত ব্যৱহাৰ কৰিহে আমি উপযুক্ত ফচল উৎপাদন কৰিব পাৰো ৷ সজাগতা অনুষ্ঠাননত ফাৰ্মাৰ প্ৰদিউচাৰ কোম্পানীৰ সঞ্চালক অঞ্জন নাথৰ লগতে বিদ্যালয় খনিৰ প্ৰধান শিক্ষক অকন বৰাই বক্তব্য প্ৰদান কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ উপকাৰিতা সন্দৰ্ভত নিজৰ অভিজ্ঞতা বৰ্ননা কৰে ৷ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ দুগৰাকীয়ে জানিবলৈ দিয়া মতে শোনিতপুৰ জিলাৰ ভিতৰত প্ৰথম এই জামুগুৰিহাটৰ ধলাইবিলৰ দীঘলপেটা প্ৰাথমিক বিদ্যালয় খনিকেই নিৰ্ব্বাচিত কৰি অতি শীঘ্ৰে বিদ্যালয়ৰ পৰিত্যক্ত ভূমি সমুহত প্ৰাকৃতিক পদ্ধতিৰে কৃষি কৰ্ম আৰম্ভণিৰ ব্যৱস্থা কৰা হব৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.