খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ পৰ্যালোচনা অৰ্থে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা,জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত,অতিৰিক্ত উপায়ুক্ত সকল তথা চৰকাৰী শীৰ্ষ বিষয়া সকল উপস্থিত থকা এই সভাত উপায়ুক্তই অহা দুদিনৰ ভিতৰত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লোৱা খানাপাৰাৰ খেলপথাৰত আৰক্ষী ,অৰ্ধসামৰিক বাহিনীৰ উপৰিও সংশ্লিষ্ট বিভাগ সমূহৰ কৰণীয় সকলো কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰাপত্তা ,অনাময় ব্যৱস্থা, চাফ- চিকুনতা ,খোৱাপানী যোগানৰ উপৰি আসন আৰু মঞ্চৰ ব্যৱস্থাপনা ,চিকিৎসা ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপায়ুক্ত গিৰাকীয়ে সকলো বিভাগকে আসোঁৱাহ নথকাকৈ কাম সমূহ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে ক’ভিড নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ক’ভিডৰ বাবেই কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা নহয়।আনহাতে, ক’ভিড পৰিপ্ৰেক্ষিতত এইবাৰ মুক্তি যুঁজাৰু সকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ ঘৰতে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Trending
- বাৰে ৰহণীয়া কাৰ্যসূচীৰে আই এ এছ এছ টিৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে আলেখ্য বৰুৱাক দায়িত্ব প্ৰদান
- শিল্পী ডল সিনহাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী গীতৰ মিউজিক ভিডিঅ’ জনম জনমে উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ