কেবাগৰাকীৰ ৰোৱনীৰ কাম সমাপন কৰিব শস্য ৰোৱা যন্ত্ৰই

0 248

পথাৰত ধান ৰুবলৈ ৰোৱনীৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছিলো।যাৰ বাবে কঠিয়া ৰুব পৰা যন্ত্ৰটো উদ্ভাৱন কৰো।এই মন্তব্য মৰিগাঁৱৰ যুৱক ৰাজেন দাসৰ।অসমীয়াত এষাৰ কথা আছে অভাৱেই আৱিস্কাৰৰ মূল।ৰাজেন দাসৰ ক্ষেত্ৰটোও এনে হ’ল ,ৰোৱনীৰ অভাৱৰ তাড়নাতে ৰাজেন দাসে এই বিশেষ যন্ত্ৰটো উদ্ভাৱন কৰিলে।কাঠ, বাঁহ,গজাল আৰু এনেধৰণৰ কিছু সৰু সুৰা সামগ্ৰীয়ে প্ৰায় ৯মাহ জোৰা প্ৰস্তুতিৰ অন্তত কঠীয়া ৰোৱা যন্ত্ৰটো উদ্ভাৱন কৰে।ৰাজেন দাসৰ মতে এই যন্ত্ৰটোৰ সহায়ত  কেবাজনী ৰোৱনীয়ে কৰাৰ কাম এবাৰতে সমাপন কৰিব পাৰি ।অৱশ্যে এই যন্ত্ৰটো পৰীক্ষণমূলকভাৱেহে ৰাজেন দাসে সাজি উলিয়াইছিল।বৰ্তমানে এনেধৰণৰ যন্ত্ৰ বিচাৰি বহুতে তেখেতক যোগাযোগ কৰিছে।জানিব পৰা মতে মৰিগাঁও জিলাত অলপতে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত এই যন্ত্ৰটো প্ৰদৰ্শিত হৈছিল ।একাধিক ৰোৱনীৰ অভাৱ পূৰণ কৰিব পৰা এই যন্ত্ৰটোৰ উদ্ভাৱনে নিসন্দেহে আশাৰ বতৰা কঢ়িয়াই আনিছে ।

Leave A Reply

Your email address will not be published.