বিষ্ণুপ্ৰিয়া মণিপুৰী শ্বহীদ কুমাৰী সুদেষ্ণা সিনহাৰ ২৭ তম্ শ্বহীদ দিৱস আজি গকুলানন্দ গীতিস্বামী কলাকৃষ্টি কেন্দ্ৰ আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ যুটীয়া উদ্যোগত খানাপাৰাৰ উদয়নগৰৰ শ্ৰীশ্ৰী গোবিন্দ মন্দিৰ সেৱাশ্রম কলাকৃষ্টি কেন্দ্রত অনুষ্ঠিত হয়। আৰম্ভণিতে ভাষা শ্বহীদ কুমাৰী সুদেষ্ণা সিনহাৰ স্থিৰ চিত্ৰত সামূহিকভাৱে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ অন্তত অনুষ্ঠিত মুকলি সভাত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ ৰচিত গ্ৰন্থ “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” উন্মোচন কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই কয় : নিজ মাতৃভাষাৰ বুৰঞ্জী জনাটো নিতান্তই প্ৰয়োজন। সকলো জাতি- জনজাতি- উপজাতিৰে বুৰঞ্জী প্ৰকাশ হ’ব লাগে। দিলস্ লক্ষ্মীন্দ্ৰ সিংহ ৰচিত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনি মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।” সাংবাদিক, লেখক দীপক শৰ্মাই আৰু কয়- ‘ভাষা জনাটো প্ৰয়োজন। ভাষা জানিলে সমন্বয় বাঢ়ে। সংহতি স্থাপন হয়। একতাৰ এনাজৰিডাল নিকপকপীয়া হয়। নদীৰ প্ৰবাহমান গতিৰ দৰে ভাষাক আগুৱাই নিবৰ বাবে আমি সকলোৱে অহোপুৰুষাৰ্থ কৰিব লাগে। ইতিহাস জানিলে জাতি জীয়াই থাকে।” বিজন সিনহা আৰু প্ৰদীপ সিনহাই আঁত ধৰা সভাত হাফলঙৰ গুণজুং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ননীবাবু সিনহা, মিজোৰামৰ ৰুলচম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপ চন্দ্র সিংহ, কৰিমগঞ্জৰ কবি, লেখিকা সুচৰিতা সিনহা, চলচ্চিত্র পৰিচালক হীৰেন্দ্ৰ সিংহ, বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ উপ-সভাপতি শংখ সিংহ, ত্ৰিপুৰা প্ৰদেশ বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ সভাপতি নিৰঞ্জন সিংহ, ত্ৰিপুৰাৰ সমাজসেৱী পৰিতোষ সিংহ, অসম প্ৰদেশ বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ সভাপতি নৰেন্দ্ৰ সিংহ বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ