গাঁও পঞ্চায়তৰ সদস্যক ক্ষেত্ৰ সক্ষমক হিচাপে গঢ়ি তোলাৰ বাবে কাঁহিকুছিৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ডেৰমহীয়া প্ৰশিক্ষণ

0 257

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছ. আই.পি.আৰ.ডি) অধীনস্থ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহৰ নিৰ্বাচিত প্ৰতিনিধি সকলক দক্ষতা বৃদ্ধিৰ লগতে তেওঁলোকক একো একোজন ক্ষেত্ৰ সক্ষমক ব্যক্তি হিচাপে গঢ়ি তোলাৰ বাবে বিভাগীয় নিৰ্দেশনা অনুসৰি ১৪ ফেব্ৰুৱাৰীৰ পৰা এক ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। বিশেষকৈ পাঁচটা ক্ষেত্ৰ ক্ৰমে-কৃষি আৰু আনুষংগিক, জীৱিকা, উদ্যমশীলতা আৰু দক্ষতা বিকাশ, খোৱাপানী, অনাময়, গোটা আৰু জুলীয়া আৱৰ্জনাৰ নিষ্কাষণ, পানী সংৰক্ষণ, বৰষুণৰ পানী সংৰক্ষণ আৰু ক্ষুদ্ৰ জলসিঞ্চন, শিক্ষা আৰু স্বাস্থ্য, পুষ্টি, মহিলা শিক্ষা আৰু সম্পদ আহৰণ। আনহাতে ই.টি.চিৰ অধ্যক্ষ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ দায়িত্ববাহী লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে অহা ৩১ মাৰ্চলৈ অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীত কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ২৭ টা উন্নয়ন খণ্ডৰ ২৮০ খন গাঁও পঞ্চায়তক সামৰি লোৱা হৈছে। গাঁও পঞ্চায়ত সমূহৰ সদস্য সকলক এই পাঁচটা ক্ষেত্ৰৰ ওপৰত তিনিদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মূলত পঞ্চায়ত সমুহক অধিক শক্তিশালী ৰূপত গঢ় দিবৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ বিশেষভাবে তদাৰক কৰিছে খানাপাৰাস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ এছ আই আৰ ডিৰ যুটীয়া সঞ্চালক (প্ৰশিক্ষণ) পবিত্ৰ কলিতাই। তেনেদৰে ই.টি.চিৰ ফেকাল্টি ক্ৰমে ডঃ ৰিদীপ বৰা, গীতাশ্ৰী দাস, মনোৰঞ্জন চৌধুৰী, ফুলেশ্বৰ চহৰীয়াৰ উপৰিও প্ৰশিক্ষক হিচাপে কৃষি উন্নয়ন বিষয়া, মীন উন্নয়ন বিষয়া, সমাজ কল্যাণ বিষয়া, শিশু সুৰক্ষা বিষয়া, সমগ্ৰ শিক্ষা বিষয়া, অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ বি.পি.এম, খণ্ড উন্নয়ন বিষয়া, জিলা সমল ব্যক্তি, খণ্ড সমল ব্যক্তি, জিলা পৰিষদৰ ডি.পি.এম আৰু বিভাগীয় বিষয়া সকলে প্ৰশিক্ষণ প্ৰদান কৰি আছে। তেনেদৰে ই.টি.চিৰ গাণনিক হেমেন বৈশ্যৰ উপৰিও আতোৱাৰ ৰহমান, অনুকূল দাস, সঞ্জীত পাঠক, অনিৰুদ্ধ দাসসহ কেবাজনো কৰ্মচাৰীয়ে প্ৰশিক্ষণ কাৰ্যসূচীত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়ায় আহিছে। ই.টি.চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে সদৰি কৰা অনুসৰি ই.টি.চি চৌহদৰ উপৰিও গোৱালপাৰা জিলাৰ বালিজানাৰ ডি পি আৰ.চি কেন্দ্ৰ, মৰিগাঁও জিলাৰ জিলা পৰিষদৰ সভাগৃহ আৰু বিভিন্ন উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় চৌহদত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা হৈছে। প্ৰশিক্ষণৰ সামৰণিত প্ৰশিক্ষাৰ্থী ৰূপী গাঁও পঞ্চায়তৰ সদস্য সকলক মানপত্ৰ প্ৰদান কৰা হৈছে। মূলত চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণৰে গাঁও পঞ্চায়ত সমূহক শক্তিশালী কৰি পঞ্চায়ত সমূহৰ চেহেৰাই সলনি কৰিব পাৰি তাৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

 

Leave A Reply

Your email address will not be published.