গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে বৰঝাৰ বিমান বন্দৰৰ পৰা পাঞ্জাবাৰীলৈ পথৰ দাঁতি আৰু ডিভাইদাৰত ৰোপন কৰা হ`ব গছপুলি

0 154

ৰাজ্য চৰকাৰৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৭২ সংখ্যক বন মহোৎসৱ সপ্তাহ । আনহাতে পূৱ কামৰূপ বন সংমণ্ডলৰ উদ্যোগত দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বন শিবিৰ চৌহদত আয়োজিত এক অনুষ্ঠানত এটা গছপুলি ৰোপন কৰি বন মহোৎসৱ সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । এই উপলক্ষে বন বিভাগৰ মধ্য অসম চক্ৰৰ মুখ্য বন সংৰক্ষক হেমকান্ত তালুকদাৰে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় গছ বিহীন পৃথিৱীৰ কথা কল্পনা কৰিব নোৱাৰি । সৃষ্টিৰ আধাৰ হৈছে গছ আৰু মহাপুৰুষ দুজনাই সুন্দৰকৈ কৈ গৈছে “এক বৃক্ষ দশ পুত্ৰ সম । আজি আপুনি এডাল গছপুলি ৰুলে তাৰ উপকাৰীতা আপোনাৰ ল`ৰা ছোৱালীয়ে লাভ কৰিব ।আমাৰ চৰকাৰৰ জীৱ – জন্তু , পৰিৱেশ সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা আছে বাবে বিগত পাঁচটা বছৰত ৰাজ্যত প্ৰায় ১০ কোটি গছপুলি ৰোপন কৰা হৈছে । ৰাজনৈতিক সদিচ্ছা থকা বাবে আমি গড় হত্যা ৰোধ কৰিবলৈ সক্ষম হৈছো । গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে আমি বৰঝাৰ বিমান বন্দৰৰ পৰা পাঞ্জাবাৰীৰ বন বিভাগৰ মুখ্য কাৰ্যালয় অৰণ্য ভৱনলৈ পথৰ দাঁতিত আৰু মাজত থকা ডিভাইদাৰত পূৱ কামৰূপ বন সংমণ্ডলৰ জৰিয়তে গছপুলি ৰোপনৰ আঁচনি লৈছো । যোৱা ৫ জুনত বিশ্ব পৰিবেশ দিৱসৰ দিনা গুৱাহাটীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰুদ্ৰাক্ষৰ দহটা পুলি ৰোপন কৰাৰ পৰা বিগত প্ৰায় এটা মাহত পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ’ৰ নেতৃত্বত গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে ৬,৭৩০ টা গছপুলি ৰোপন কৰা হৈছে । এইবাৰ বন বিভাগৰ কেম্পা আঁচনিৰ অধীনত গড়ভঙা বনাঞ্চলত ৩,২৩,০৮০ টা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলত ১.০৯ লাখ বিভিন্ন থলুৱা প্ৰজাতিৰ গছপুলি ৰোপন কৰা হব । তেনেদৰে সৰ্বানন্দ সোনোৱালৰ দিনত ৰাজ্যত বিভিন্ন প্ৰান্তত ২৪ ,জন মনিষীৰ নামত আৰম্ভ কৰা ২৪ খন উপবনত প্ৰতিখনতে আপুৰুগীয়া প্ৰজাতিৰ প্ৰায় এক হাজাৰকৈ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । আনহাতে সৰ্বানন্দ সোণোৱালৰ দৰে বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মাও পৰিবেশ সংৰক্ষণৰ বাবে অত্যন্ত সংবেদনশীল বুলি সদৰি কৰি দীপৰ বিলক ৰক্ষাৰ বাবে বৰাগাঁওৰ পৰা ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰা হৈছে বুলি পৰিমল শুক্লবৈদ্যই অগপ – বিজেপিকে ধৰি মিত্ৰজোঁটৰ কর্মী সকলক গছপুলি ৰোপনত বন বিভাগক সহায় কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ গুৱাহাটীৰ সাংসদ কুইন ওজাই কয় বন মহোৎসৱ এটা প্ৰতীকীহে । কিন্তু ইয়াক আধাৰ হিচাপে লৈ আমি পৰিবেশ সংৰক্ষণৰ বাবে সকলো মুকলি স্থানত গছপুলি আৰু বনৰীয়া হাতীৰ খাদ্যৰ বাবে বনাঞ্চলত কলগছ ৰোপন কৰিব লাগে বুলি কুইন ওজাই ব্যক্ত কৰে । তেনেদৰে সন্মানীয় অতিথি হিচাপে ভাগ লৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় আমি ব্যাপক মাত্ৰাত গছপুলি ৰোপন কৰি অসমক এখন প্ৰদূষণমুক্ত আৰু সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্যলৈ উন্নীতকৰণ কৰিবলৈ সংকল্প গ্ৰহণ কৰিব লাগিব । আনহাতে অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী ডঃ অলকা ভাৰ্গবৰ আদৰনি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষক ( বন্যপ্ৰাণী ) অমিত সহায় , অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এছ সূৰ্য্যনাৰায়ণ , গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় , কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু , গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ভাস্কৰ ডেকা , দক্ষিণ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বৰ্মনকে ধৰি বন বিভাগৰ কেবাজনো বিষয়া উপস্থিত থাকে।
জিতুমণি দাসৰ ৰিপ`ৰ্ট

Leave A Reply

Your email address will not be published.