গুৱাহাটীত অৱনী ৰণজন পাঠকৰ গ্ৰন্থ নমস্য মনীষীৰ মনীষা উন্মোচন

0 234

অসমত আজিলৈ গ্ৰন্থ সংগ্ৰহালয় প্ৰতিষ্ঠা হোৱা নাই। ই বৰ জৰুৰী । পুথিভড়াল যেনেদৰে জৰুৰী,গ্ৰন্থ সংগ্ৰহালয় তাতোকৈ জৰুৰী ।ন-প্ৰজন্মই পুৰণি লেখকৰ গ্ৰন্থ পঢ়িব লাগে আজি বিশিষ্ট সংগীতজ্ঞ, লেখক, গীতিকাৰ অৱনী ৰণজন পাঠকৰ শেহতীয়া গ্ৰন্থ নমস্য মনীষীৰ মনীষা গুৱাহাটীৰ বামুণীমৈদানৰ জ্যোতিনগৰ সাহিত্য সভাগৃহ প্ৰাংগণত উন্মোচন কৰি অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড০ সূৰ্য হাজৰিকাই এনেদৰে কয় ।

পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড০ হাজৰিকাই আৰু কয়-অসমৰ নতুন প্ৰজন্ম ক্ৰমান্বয়ে গ্ৰন্থৰ জগত খনত সোমাই পৰিছে ।ৰাজ্যৰ চৌপাশে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে । শুভলক্ষণ।এদিন অসমীয়া সাহিত্যই বুকাৰ,নৱেল বঁটাৰেও বিভূষিত হ’ব । আমি আশাবাদী ।প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাখনি উদ্বোধন কৰি বিশিষ্ট বুদ্ধিজীবী, সাহিত্যিক, শিক্ষাবিদ ড০ দয়ানন্দ পাঠকে কয়- সাহিত্য মানৱ জাতিৰ বাবে অপৰিহাৰ্য ।বেদৰ পৰাই সাহিত্যৰ আৰম্ভণি বুলি ক’ব পাৰি । সাহিত্য-সংগীত, নাটক-নৃত্য সকলো একেটা মুদ্ৰাৰে গঢ়া । সুন্দৰ মনৰ গৰাকী সকলে এই জগতবোৰত সোমাব পাৰে ।সভাত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ মুখ্য উপদেষ্টা ধীৰেণ শৰ্মাই মুখ্য অতিথিৰ ভাষণত কয়- অৱনী ৰণজন পাঠকৰ নমস্য মনীষীৰ মনীষা গ্ৰন্থখনি এখন সকলোৰে বাবে সংৰক্ষণকাৰী গ্ৰন্থ । দেশৰ বিভিন্ন প্ৰান্তৰ ৩৫ গৰাকী মহান শিল্পীৰ জীৱনী মধুৰকৈ লিখিছে ।সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সহ:সম্পাদক সাহিত্য কোঁৱৰ কমল কলিতা, জ্যোতিনগৰ সাহিত্য সভাৰ সভাপতি বাবুল চক্ৰৱৰ্তী হিচাপে অংশ লৈ সাৱলীল বক্তব্য দাঙি ধৰে । ধণনজয় ওজা আৰু হৰেকৃষ্ণ বৈশ্যই বৰগীত পৰিবেশনেৰে আৰম্ভ কৰা সভাত গৰৈমাৰী এফ এ আলি আহমেদ মহাবিদ্যালয়ৰ অধ্যাপিকা বেগম ৰুণা লাইলা মজুমদাৰে গোৱালপৰীয়া, লোকগীত পৰিৱেশন কৰা সভাত প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা গীতিকাৰ শচীন দাস, জ্যোতিনগৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, অৰুণ ৰাজবংশী, হৰিশ হালৈ, উৰ্মিলা মহন্ত, উপ-সভাপতি ডালিম দাস, সম্পাদক কুলদানন্দ চৌধুৰী, স্বপ্না শৰ্মা আদি ভালো সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.