গুৱাহাটীত যোগ সজাগতা বাটৰ নাট প্ৰদৰ্শন

0 184

ষষ্ঠদশ যোগ মহোৎসৱৰ এমহীয়া কাৰ্য্যসূচীৰ অংশ হিচাপে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ মালিগাঁও গুৱাহাটীৰ উদ্যোগত এটি বৃহৎ নাট্য দলে গুৱাহটী চহৰৰ ব্যস্ততাপূৰ্ণ জনবহুল দহটা স্থানত যোগ সজাগতাৰ অতি আকৰ্ষণীয় বাটৰ নাট প্ৰদৰ্শন কৰে ৷ গুৱাহটী ৰেলৱে ষ্টেচন , দীঘলী পুখুৰী পাৰ , কটন বিশ্ববিদ্যালয়, মেঘদূত ভৱনৰ সমীপত , চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গ্ৰন্থ মেলা বাকৰি, ৰাজগড় , গুৱাহটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত আদি বিভিন্ন স্থানত অনুষ্ঠিত বাটৰ নাটে ৰাইজৰ মাজত যোগৰ প্ৰয়োজনীয়তা , যোগৰ জৰিয়তে শাৰেৰিক- মানসিক উৎকৰ্ষ সাধন , প্ৰাকৃতিক চিকিৎসা আদি বিষয়েৰে সমৃদ্ধ নাটৰ জৰিয়তে ৰাইজক মনোগ্ৰাহী কৰি তোলে ৷

বাটৰ নাটখনিৰ নাট্যকাৰ যোগ প্ৰশিক্ষীকা পাপৰি গগৈ উপস্থিত থাকি ৰাইজক যোগাভ্যাসৰ বাবে আহ্বান জনায় ৷ ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য্য শুভাশিষ কৰ , গুৱাহটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ থেৰাপীষ্ট চিক্তা কৰ উপস্থিত থাকি নাট্য দলক উৎসাহিত কৰে৷

বিশিষ্ট অভিনেত্ৰী ৰূপালী তালুকদাৰ বৰুৱাৰ অনবদ্য অভিনয়ে নাটখন আকৰ্ষণীয় কৰি তোলে । ষষ্ঠদশ অসম যোগ মহোৎসৱৰ সম্পাদক অধিবক্তা গৌতম পাটোৱাৰী , যোগ প্ৰচাৰিকা বঁটা বিজয়ী অৰুন্ধতী তালুকদাৰ ,যোগ প্ৰচাৰক আৰু যোগ সাধনা বঁটা বিজয়ী ধনঞ্জয় তালুকদাৰ অভিনয় সমৃদ্ধ বাটৰ নাটত মন্দিৰা ঘোঁষ,মিচেচ গুৱাহটী খিতাপ বিজয়ী নৱনীতা বৰ্মন, অভিজিৎ মজুমদাৰ , উমা দাস , ধৃতি ৰয় আৰু দেব প্ৰিয়ম কৰ সহযোগীতাত দিনযোৰা কাৰ্য্যসূচী বাটৰ নাটৰ সফল সমাপ্তি ঘটে ।

Leave A Reply

Your email address will not be published.